লণ্ডনৰ অক্সফৰ্ড ষ্ট্ৰীটত বাজি উঠিল ভূপেন্দ্ৰ সংগীত ! বানপীড়িতক সহায় কৰিবলৈ গৈ কিয় ট্ৰোল হ’ল মেঘৰঞ্জনী মেধি ?বানৰ ভয়াৱহ পৰিস্থিতিৰ পিছতে উজনি-নামনি-মধ্য অসমৰ পৰা সোঁত ববলৈ আৰম্ভ কৰিছে বানাক্ৰান্তৰ কাষলৈ ৷ যিয়ে যেনেকৈ পাৰে সাহায্য আগবঢ়াইছে ৷অসমৰ মনোৰঞ্জন জগতৰ বহু শিল্পীৰ দৰেই কথক নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে বানপীড়িতৰ বাবে কিছু ধন সংগ্ৰহ কৰা উদ্দেশ্যৰে লৈছিল এক পদক্ষেপ ৷ তেওঁ লোৱা এইধৰণৰ পদক্ষেপ বিদেশত সঘনাই দেখিবলৈ পোৱা যায়, কিন্তু ভাৰতত ইয়াৰ প্ৰচাৰ খুব কম ৷ সেই লৈয়ে এতিয়া বহুতে সমালোচনা কৰিছে তেওঁক ৷ কিন্তু সামাজিক মাধ্যমত সমালোচনাৰ সমান্তৰালকৈ মেধিক প্ৰশংসাৰে উপচাই পেলোৱা লোকৰো সংখ্যা কম নহয় ৷মেঘৰঞ্জনী মেধি বৰ্তমান আছে লণ্ডনত ৷ তাত তেওঁ ৰাজপথত কথক নৃত্য আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি ধন সংগ্ৰহ কৰিবলৈ আগবাঢ়ে ৷অসমলৈ উভতি যোৱাৰ পূৰ্বে লণ্ডনৰ দুই বিখ্যাত ঠাই অক্সফৰ্ড ষ্ট্ৰীট আৰু পিকাডিলী চাৰ্কাছত তেওঁ ৰোড শ্ব’ কৰি ধন সংগ্ৰহ কৰে ।সামাজিক মাধ্যমত বহুতে ইয়াক ভিক্ষাবৃত্তিৰ সৈতে তুলনা কৰিছে ৷ সকলো ধৰণৰ মনোভাৱৰ প্ৰতি সন্মাই জনাই শেহতীয়াকৈ মেঘৰঞ্জনী মেধিয়ে এটা ভিডিঅ’ আপলোড কৰে, য’ত তেওঁ অতি গৰ্বৰে কয়-“যদি মই মোৰ মানুহখিনিৰ বাবে ভিক্ষাও খুজিবলগীয়া হয়, তেন্তে ভিক্ষাও খুজিম ৷ এনেহেন বিপদৰ সময়ত আপোনালোকে মোলৈ ধ্যান দি মোৰ নামত কিবা ভাবি-চিন্তি সময় খৰচ কৰাতকৈ আৰ্তজনৰ কাষত থিয় দিয়ক ৷”
