কেন্দ্ৰীয় চৰকাৰৰ শক্তি সংৰক্ষণ তথা ইন্ধন ৰাহি কৰাৰ নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আদালতসমূহত ইন্ধনৰ অপচয় ৰোধ আৰু শাৰীৰিক অহা-যোৱা হ্ৰাস কৰাৰ উদ্দেশ্যে এক এমহীয়া বিশেষ নীতি-নিৰ্দেশনা তথা কাৰ্যসূচী জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। এই নতুন এছঅ’পি অনুসৰি এতিয়াৰে পৰা প্ৰতি সোমবাৰ আৰু শুকুৰবাৰে আদালতৰ সকলো শুনানি কেৱল ভিডিঅ’ কনফাৰেন্সিং অৰ্থাৎ ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে সম্পন্ন হ’ব।
অহা ২৫ মে’ৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই বিশেষ ব্যৱস্থাটো অহা ২৬ জুন পৰ্যন্ত বাহাল থাকিব আৰু ইয়াৰ পিছতে সমগ্ৰ প্ৰক্ৰিয়াটো পুনৰ পৰ্যালোচনা কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে। এছঅ’পিৰ নিৰ্দেশনা অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে ইয়াৰ অধীনস্থ বহিঃৰাজ্যৰ বিচাৰপীঠসমূহত সোমবাৰ আৰু শুকুৰবাৰে তালিকাভুক্ত হোৱা আটাইবোৰ গোচৰৰ শুনানি ভাৰ্চুৱেল মাধ্যমত কৰাটো অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় লিংকসমূহ যোগান ধৰা হ’ব আৰু আদালতৰ কাম-কাজ সূচাৰুৰূপে পৰিচালনা কৰিবলৈ ‘কোৰ্ট মাষ্টাৰ’সকলক সকলো পক্ষৰ সৈতে সমন্বয় ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।
ইন্ধন সংৰক্ষণৰ এই গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াটো অধিক ফলপ্ৰসূ কৰিবলৈ ন্যায়াধীশসকলকো সম্ভৱস্থলত ‘কাৰ-পুলিং’ অৰ্থাৎ একেখন বাহনতে যাতায়াত কৰিবলৈ আহ্বান জনাইছে উচ্চ ন্যায়ালয়ে। ইয়াৰ উপৰি প্ৰশাসনিক কাম-কাজৰ বাবে চৰকাৰী পঞ্জীয়নভুক্ত বাহনৰ ব্যৱহাৰো বহু পৰিমাণে সীমিত কৰা হৈছে।
ভাৰতৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ৰ পৰা অহা যোগাযোগ আৰু কেন্দ্ৰীয় কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ এক কাৰ্যালয় স্মাৰকপত্ৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধানে বৃহস্পতিবাৰে এই আনুষ্ঠানিক অধিসূচনা জাৰি কৰে।
একেটা নিৰ্দেশনাৰ অধীনতে আদালতৰ কৰ্মচাৰীসকলৰ বাবে আংশিকভাৱে ঘৰৰ পৰা কাম কৰা আৰু এক বিশেষ ৰষ্টাৰ পদ্ধতিৰ সূচনা কৰা হৈছে। এই নিয়ম অনুসৰি প্ৰশাসনিক আৰু ন্যায়িক শাখাৰ ৫০ শতাংশ পৰ্যন্ত কৰ্মচাৰীয়ে বিকল্প দিনত কাৰ্যালয়ত হাজিৰ হ’ব লাগিব। অৱশ্যে যিসকল কৰ্মচাৰী কাৰ্যালয়ত শাৰীৰিকভাৱে উপস্থিত নাথাকে, তেওঁলোকে কৰ্তব্যৰ সময়ছোৱাত মোবাইল ফোন আৰু ই-অফিচ প্লেটফৰ্মৰ জৰিয়তে উপলব্ধ থাকিব লাগিব আৰু জৰুৰী আহ্বান লাভ কৰাৰ লগে লগেই কাৰ্যালয়ত হাজিৰ হ’ব লাগিব। ইফালে, প্ৰশাসনিক ফাইলৰ আদান-প্ৰদানৰ বাবে ই-অফিচৰ ব্যৱহাৰ সম্পূৰ্ণ বাধ্যতামূলক কৰা হৈছে।
অৱশ্যে আদালতৰ কাম-কাজ অপ্ৰতিৰোধ্য ৰাখিবলৈ প্ৰট’কল শাখা, ফাইলিং শাখা, কপিং শাখা, বেঞ্চ শাখা, কম্পিউটাৰ শাখা আৰু ই-কোৰ্ট ডিভিজনকে ধৰি কেইটামান অতি প্ৰয়োজনীয় শাখাক এই ৰষ্টাৰ পদ্ধতি আৰু ইন্ধন সংৰক্ষণৰ নিয়মৰ পৰা ৰেহাই দিয়া হৈছে। সমগ্ৰ অসম, নগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ জিলা আদালতসমূহৰ ক্ষেত্ৰতো এই এছঅ’পি প্ৰযোজ্য হ’ব। ইয়াৰ সমান্তৰালভাৱে ন্যায়িক একাডেমী, অসমে পৰিচালনা কৰা সকলো প্ৰশিক্ষণ কাৰ্যসূচীও এই সময়ছোৱাত সম্পূৰ্ণ ভাৰ্চুৱেল মাধ্যমত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।
