ৰাজ্যজুৰি অব্যাহত থকা অবৈধ গৰু সৰবৰাহ আৰু চোৰাং কাৰবাৰৰ বিৰুদ্ধে এতিয়া অধিক তীব্ৰতৰ কৰি তোলা হৈছে আৰক্ষীৰ বিশেষ অভিযান। এই পৰ্যন্ত সমগ্ৰ অসমত চলোৱা ইনফৰ্চমেণ্ট অপাৰেচনৰ অধীনত ৮৫৬ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ২,৯৮০ কিলোগ্ৰামতকৈও অধিক গো-মাংস জব্দ কৰা হৈছে। বৃহস্পতিবাৰে এই তথ্য সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অবৈধ পশুধনৰ ব্যৱসায় আৰু চোৰাং নেটৱৰ্কৰ বিৰুদ্ধে চৰকাৰে এক ‘জিৰো টলাৰেন্স’ অৰ্থাৎ শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে চৰকাৰে শূন্য সহনশীল নীতি অৱলম্বন কৰিছে আৰু এই অবৈধ কাৰবাৰ সম্পূৰ্ণৰূপে স্তব্ধ নোহোৱা পৰ্যন্ত আমাৰ এই কঠোৰ অভিযান নিৰন্তৰভাৱে চলি থাকিব।” ৰাজ্যজুৰি সক্ৰিয় হৈ থকা গৰু চুৰি আৰু অবৈধ পৰিবহণ নেটৱৰ্কসমূহ উৎখাত কৰিবলৈ চৰকাৰে লোৱা এই সৰ্বাত্মক পদক্ষেপৰ খতিয়ান তেওঁ দাঙি ধৰে।
ইফালে, অসমত দীৰ্ঘদিনৰে পৰা চলি থকা পশুধনৰ অবৈধ পৰিবহণক লৈ চলিত বৰ্ষৰ আৰম্ভণিতে ‘পিপল ফৰ দি এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলচ’ অৰ্থাৎ পেটা ইণ্ডিয়াই চৰকাৰী কৰ্তৃপক্ষৰ ওচৰত কেইবাখনো অভিযোগনামা দাখিল কৰিছিল। যোৱা ২৯ জানুৱাৰীত অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালকলৈ আৰু পৰৱৰ্তী সময়ত ৩ ফেব্ৰুৱাৰীত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰে পেটা ইণ্ডিয়াই। উত্তৰ লক্ষীমপুৰ জিলাৰ বঙালমৰা বজাৰ পশুধন বজাৰৰ পৰা কোনো ধৰণৰ প্ৰয়োজনীয় নথি-পত্ৰ আৰু পশু চিকিৎসা প্ৰমাণপত্ৰ অবিহনে অবৈধভাৱে গৰু সৰবৰাহ কৰা হৈছে বুলি পেটাৰ তৰফৰ পৰা অভিযোগ উত্থাপন কৰা হৈছিল।
উত্তৰ লক্ষীমপুৰৰ পৰা নগাঁও অভিমুখে বিশেষকৈ নৈশভাগত এক সংগঠিত পৰিবহণ মাধ্যমৰ জৰিয়তে পশুধনসমূহ চোৰাংকৈ সৰবৰাহ কৰা হৈ আহিছে বুলিও দাবী কৰে পশুপ্ৰেমী সংস্থাটোৱে। প্ৰতিষ্ঠানটোৱে প্ৰ ফেভ্ৰেনচন অৱ ক্ৰুৱেলটি টু এনিমেলচ এক্ট, ট্ৰান্সপৰ্ট অৱ এনিমেলচ ৰুলচ, ভাৰতীয় ন্যায় সংহিতা আৰু মটৰ বাহন আইনৰ অধীনত কৰ্তৃপক্ষৰ জৰুৰী হস্তক্ষেপ বিচাৰে। অৱশ্যে পেটা ইণ্ডিয়াই উত্থাপন কৰা এই সুনির্দিষ্ট অভিযোগ সন্দৰ্ভত প্ৰশাসনৰ তৰফৰ পৰা বৰ্তলৈকে কোনো ৰাজহুৱা মন্তব্য কৰা হোৱা নাই।
