উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থালৈ অহা বৈপ্লৱিক পৰিৱৰ্তনৰ মাজতে এতিয়া দেশৰ ৰে’ল খণ্ডত সফলতাৰ এক নতুন অধ্যায় সূচনা কৰিছে অমৃত ভাৰত এক্সপ্ৰেছে। অসম আৰু পশ্চিমবংগৰ বিভিন্ন প্ৰান্তৰ পৰা চলাচল কৰা এই অত্যাধুনিক তথা যাত্ৰীবান্ধৱ ৰে’লসেৱাই শেহতীয়া মাহবোৰত ১.৭৮ লাখতকৈও অধিক যাত্ৰী কঢ়িয়াই ২৩ কোটি টকাতকৈও অধিক ৰাজহ সংগ্ৰহ কৰা বুলি বুধবাৰে সদৰী কৰে উত্তৰ-পূব সীমান্ত ৰে’লৱে প্ৰাধিকৰণে। সুলভ মূল্য আৰু আৰামদায়ক যাত্ৰাৰ বাবেই দেশজুৰি এই বিশেষ ৰে’লসেৱাই সৰ্বসাধাৰণৰ মাজত অভূতপূৰ্ব সঁহাৰি লাভ কৰা বুলি স্পষ্ট কৰে ৰে’ল বিভাগে।
এই সফল পৰিসংখ্যা সন্দৰ্ভত এক বিশেষ বিবৃত্তি দাঙি ধৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া কপিলঞ্জল কিশোৰ শৰ্মাই। চলিত ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা গুৱাহাটী, ডিব্ৰুগড়, আলিপুৰদুৱাৰ জংচন আৰু নিউ জলপাইগুৰিক দেশৰ বিভিন্ন প্ৰান্তৰ সৈতে সংযোগ কৰা এই সেৱাত যাত্ৰীৰ সংখ্যা ১০০ শতাংশতকৈও অধিক বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয়, “বৰ্তমান উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এলেকাধীন অসম আৰু পশ্চিমবংগৰ পৰা সৰ্বমুঠ সাতযোৰ অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল সুচাৰুৰূপে চলাচল কৰি আছে।” এই সেৱাই উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সমগ্ৰ দেশৰ ৰে’ল সংযোগ ব্যৱস্থাক অভূতপূৰ্বভাৱে শক্তিশালী কৰি তোলা বুলি তেওঁ মত প্ৰকাশ কৰে।
ৰে’ল বিভাগৰ এই বৃহৎ সাফল্যৰ এক বিতং খতিয়ান দাঙি ধৰে মুখ্য জনসংযোগ বিষয়াগৰাকীয়ে। কামাখ্যা আৰু ৰোহতকৰ মাজত চলাচল কৰা ১৫৬৭১/১৫৬৭২ নম্বৰৰ অমৃত ভাৰত এক্সপ্ৰেছখনত যাত্ৰীৰ সংখ্যা সৰ্বাধিক ১৩৬ শতাংশলৈ বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে তেওঁ। তেওঁ লগতে কয়, “ঠিক একেদৰে ডিব্ৰুগড় আৰু গোমতী নগৰ সংযোগী ১৫৯৪৯/১৫৯৫০ নম্বৰৰ ৰে’লখনৰ যাত্ৰীৰ হাৰ ১৪০ শতাংশতকৈও অধিক ৰেকৰ্ড কৰা হৈছে।” এই বিপুল সঁহাৰিয়েই ৰে’লসেৱাটিৰ জনপ্ৰিয়তা আৰু সফলতা প্ৰমাণ কৰা বুলি তেওঁ স্পষ্ট কৰে।
মূলতঃ সাধাৰণ শ্ৰেণীৰ যাত্ৰীসকলৰ সুবিধাৰ্থে ডিজাইন কৰা এই অমৃত ভাৰত ৰে’লসমূহে আধুনিক সা-সুবিধা আৰু কম খৰচতে যাত্ৰীসকলক উন্নত ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰি আহিছে। এই ধাৰাবাহিক ৰে’লসেৱাই যাত্ৰীসকলৰ যাতায়াত সূচল কৰাৰ লগতে আঞ্চলিক উন্নয়ন, পৰ্যটনৰ বিকাশ আৰু অৰ্থনৈতিক সংহতিৰ ক্ষেত্ৰতো এক সুদূৰপ্ৰসাৰী ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী ৰে’ল কৰ্তৃপক্ষ।
