সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে অসম আৰু নাগালেণ্ডৰ বান তথা ভূমিস্খলনত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে ৩১ জুলাইৰ পৰা চাৰিদিনীয়াকৈ চলোৱা বান সাহায্য অভিযানৰ ৩ আগষ্টত সামৰণি পৰে। এই অভিযান বিশ্ববিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছ কোষৰ উদ্যোগত চলোৱা হৈছিল। বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, এনএছএছ স্বেচ্ছাসেৱক আৰু শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ সদস্যসকলে অভিযানত অংশগ্ৰহণ কৰি বানপীড়িতসকলৰ বাবে খাদ্য সামগ্ৰী, কাপোৰ, পৰিচ্ছন্নতা সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ আৰু বিতৰণ কৰে। বিশ্ববিদ্যালয়ৰ সাহায্যকাৰী দলটোৱে হাঁহচৰা চেতিয়া গাঁও, লেবাং চাউল কোৰা গাঁও, বৰহটিং চাপৰি, বেতবাৰী নিমাইজান, চাংমাই আৰু নিমাইজান আদি বানাক্ৰান্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ হাতত সাহায্য সামগ্ৰী প্ৰদান কৰে।
ইয়াৰ উপৰি স্থানীয় বাসিন্দাসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ জৰুৰী প্ৰয়োজনীয়তাৰ বিষয়েও বুজ লয়। দলটোৱে শিৱসাগৰ জিলা প্ৰশাসনে স্থাপন কৰা সাহায্য শিবিৰত সাহায্য সামগ্ৰী আগবঢ়ায়। দলটোৱে নাগালেণ্ডৰ নাগিনীমৰালৈ গৈ বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ মাজতো অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। এই কাৰ্যসূচীত নাগিনীমৰা ষ্টুডেণ্টছ ইউনিয়ন, নাগিনীমৰা গোৰ্খা ইউনিয়ন আৰু স্থানীয় বিভিন্ন সামাজিক সংগঠনে সহযোগিতা আগবঢ়ায়। পাছত দলটোৱে নাগালেণ্ডৰ মন জিলাৰ ভূমিস্খলনগ্ৰস্ত এলেকা আৰু এপেক্স কোনিয়াক ইউনিয়নৰ কাৰ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰ ভ্ৰমণ কৰি স্থানচ্যুত পৰিয়ালসমূহৰ হাতত অতিৰিক্ত সাহায্য সামগ্ৰী প্ৰদান কৰে।
আনহাতে এই সন্দৰ্ভত বিশ্ববিদ্যালয় কর্তৃপক্ষৰ হৈ পঞ্জীয়ক ডঃ দীপাংকৰ সাহাই কয় যে সমাজৰ প্রতি দায়বদ্ধতা আৰু মানৱীয় সেৱা তেওঁলোকৰ অন্যতম মূল লক্ষ্য। শিক্ষক, কৰ্মচাৰী, শিক্ষার্থী, স্বেচ্ছাসেৱক, প্রাক্তন শিক্ষার্থী আৰু শুভাকাংক্ষীসকলৰ একত্ৰিত প্রচেষ্টাত এই বান সাহায্য অভিযান সফলভাৱে সম্পন্ন হোৱা বুলি উল্লেখ কৰি ডঃ সাহাই আগন্তুক দিনতো বিশ্ববিদ্যালয়খনে যিকোনো দুৰ্যোগৰ সময়ত সমাজৰ কাষত থকাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।
