পুখুৰীৰ পানীত ডুবি মৃত্যু ঘটিল একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ। পশুধনৰ বাবে ঘাঁহ সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে পুখুৰীৰ পানীত সলিল সমাধি ঘটে মাতৃসহ চাৰি সন্তানৰ। বিহাৰৰ মোতিহাৰী জিলাৰ গোবিন্দগঞ্জ থানাৰ অন্তৰ্গত বাবনৌলী পঞ্চায়তত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ দল।
মৃত মহিলাগৰাকীক সুশীলা দেৱী বুলি চিনাক্ত কৰা হৈছে। বাবনৌলী পঞ্চায়তৰ বাসিন্দা সুশীলা দেৱীৰ সৈতে তেওঁৰ চাৰিটা সন্তান পুখুৰীত ডুব যায়। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰেৰাজৰ চক্ৰ বিষয়া আৰু গোবিন্দগঞ্জ থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়।
উদ্ধাৰ অভিযানত স্থানীয় প্ৰশাসনৰ বিষয়া আৰু ডুবাৰু বাহিনীয়ে চাৰিটা মৃতদেহ উদ্ধাৰ কৰে। আনহাতে, পঞ্চমজনৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
স্থানীয় লোকৰ পৰা পোৱা তথ্য অনুসৰি, ঘটনাটোৰ আঁৰত পৰিয়ালটোৰ কোনো বিবাদ জড়িত থাকিব পাৰে বুলি একাংশ লোকে সন্দেহ কৰিছে। আনহাতে, পশুধনৰ বাবে ঘাঁহ সংগ্ৰহ কৰিবলৈ সুশীলা দেৱী সন্তানকেইটাৰ সৈতে যোৱাৰ সময়তে পুখুৰীত ডুব যোৱা বুলি আন একাংশ স্থানীয় লোকে জনাইছে। অৱশ্যে ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।
গোবিন্দগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সচিদানন্দ পাণ্ডেই মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে। ঘটনাটোৰ সকলো দিশ সামৰি তদন্ত চলি আছে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন তথা তদন্তৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।
