দেশৰ ১৮ খন চহৰৰ সৈতে অসমতো আৰম্ভ হ’ব আধুনিক জল মেট্ৰ’ পৰিবহণ ব্যৱস্থা। মহানগৰী গুৱাহাটীত প্ৰথম পৰ্যায়ত আৰু তেজপুৰ তথা ডিব্ৰুগড়ত দ্বিতীয় পৰ্যায়ত এই অভিলাষী প্ৰকল্প ৰূপায়ণ কৰিব কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰণালয়ে। ৰাষ্ট্ৰীয় পৰ্যায়ত এই প্ৰকল্প কাৰ্যকৰী কৰাৰ পূৰ্বে ইতিমধ্যে প্ৰস্তুত কৰা হৈছে ৰাষ্ট্ৰীয় জলপথ নীতিৰ এক গুৰুত্বপূৰ্ণ খচৰা।
এই বৃহৎ আঁচনিৰ বুজ ল’বলৈ সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰণালয় আৰু ভাৰতৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বিশদ পৰ্যালোচনা বৈঠকত মিলিত হয়। প্ৰথম পৰ্যায়ত গুৱাহাটীৰ লগতে শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা আৰু প্ৰয়াগৰাজত এই আধুনিক যাতায়ত ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে চৰকাৰে।
মন্ত্ৰণালয়ৰ এক বিবৃতিত প্ৰকাশ পোৱা মতে কেৰালাৰ ক’চি জলপথ ব্যৱস্থাৰ আৰ্হিত সমগ্ৰ দেশৰে জলপথসমূহক এক আধুনিক ৰাজহুৱা পৰিবহণ কৰিদ’ৰলৈ ৰূপান্তৰ কৰাই এই আঁচনিৰ মূল লক্ষ্য।
প্ৰস্তাৱিত প্ৰকল্পটোৰ সবিশেষ উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰস্তাৱিত জলপথ ব্যৱস্থাত মূলধনী বিনিয়োগ যথেষ্ট কম, কাৰণ ইয়াত বৰ্তমানৰ জলপথসমূহহে ব্যৱহাৰ কৰা হ’ব। দ্ৰুত নিৰ্মাণ কাৰ্য, কম ভূমিৰ প্ৰয়োজনীয়তা আৰু পৰিচালনা ব্যয় হ্ৰাসৰ ফলত এই ব্যৱস্থাই গতানুগতিক পৰিবহণৰ এক সুকীয়া বিকল্প আগবঢ়াব।”
মন্ত্ৰীগৰাকীৰ মতে বৈদ্যুতিক আৰু হাইব্ৰিড ফেৰীৰ ব্যৱহাৰে চহৰসমূহৰ পথৰ যানজঁট বহু পৰিমাণে হ্ৰাস কৰিব।
দৈনিক যাতায়তকাৰী আৰু পৰ্যটক উভয়ৰে প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ এই সমগ্ৰ ব্যৱস্থাটোক এক বৃহৎ পৰিসৰৰ ৰাজহুৱা পৰিবহণ সমাধান কৰিড’ৰ হিচাপে গঢ়ি তোলা হৈছে। ১০ লাখতকৈ অধিক জনসংখ্যা থকা আৰু পৰ্যটনৰ চাহিদা থকা চহৰসমূহক এই প্ৰকল্পৰ বাবে বিবেচনা কৰা হ’ব বুলি স্পষ্ট কৰে মন্ত্ৰী সোণোৱালে। অৱশ্যে যিবোৰ দুৰ্গম বা পানীৰে ভৰি থকা অঞ্চলত এই প্ৰকল্পই সংযোগ ব্যৱস্থা উন্নত কৰিব, সেই ক্ষেত্ৰত জনসংখ্যাৰ মাপকাঠী কিছু শিথিল কৰা হ’ব।
ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে দেশৰ ১৮খন চহৰৰ সম্ভাৱনীয়তা অধ্যয়নৰ বাবে ক’চি মেট্ৰ’ ৰে’ল লিমিটেডক দায়িত্ব অৰ্পণ কৰিছিল। বৰ্তমানৰ ৰাজহুৱা পৰিবহণ, ভ্ৰমণৰ চাহিদা আৰু বিত্তীয় সম্ভাৱনীয়তাৰ মূল্যায়ন কৰি বিশেষজ্ঞৰ দলটোৱে ইতিমধ্যে ১৭খন চহৰৰ বাবে সম্ভাৱ্যতা অধ্যয়নৰ খচৰা প্ৰতিবেদন দাখিল কৰিছে।
