মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টী আৰু বিৰোধী দলসমূহে ঘোষণা কৰা ১০ অক্টোবৰৰ প্ৰতিবাদক কেন্দ্ৰ কৰি ৰাজধানীৰ প্ৰৱেশদ্বাৰ আৰু অভ্যন্তৰীণ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ কৰি ৰখা কাৰ্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল হ’ল আদালত অৱমাননাৰ আবেদন। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শৈলেন্দ্ৰ মণি ত্ৰিপাঠীয়ে এই আবেদন দাখিল কৰি প্ৰশাসনৰ বিৰুদ্ধে আদালতৰ নিৰ্দেশ উলংঘনৰ গুৰুতৰ অভিযোগ আনে।
অধিবক্তা ত্ৰিপাঠীয়ে আবেদনত উল্লেখ কৰে যে প্ৰতিবাদক নিয়ন্ত্ৰণ কৰাৰ নামত সমগ্ৰ যাতায়াত কৰিডৰ বন্ধ কৰি ৰখা কাৰ্যই স্পষ্টভাৱে উচ্চতম ন্যায়ালয়ৰ ৯ অক্টোবৰৰ নিৰ্দেশনাক উলংঘন কৰিছে। ৯ অক্টোবৰৰ শুনানিত শীৰ্ষ আদালতে স্পষ্ট কৰি দিছিল যে প্ৰশাসনে নিৰাপত্তাৰ স্বাৰ্থত কেৱল যুক্তিসংগত আৰু নিয়ন্ত্রিত ব্যৱস্থাহে গ্ৰহণ কৰিব পাৰিব; কোনো কাৰণতে যাতে সম্পূৰ্ণ নিষেধাজ্ঞা জাপি দি সাধাৰণ যাত্ৰী আৰু জনসাধাৰণক চৰম হাৰাশাস্তিৰ মাজলৈ ঠেলি দিয়া নহয়।
আদালতৰ সেই স্পষ্ট সতৰ্কবাণীৰ পিছতো ৰাজধানী অভিমুখী আৰু চহৰখনৰ ভিতৰৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ কৰি ৰখাৰ বাবে প্ৰশাসনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় অধিবক্তাগৰাকীয়ে। উল্লেখ্য যে ভোটাৰ তালিকাৰ বিসংগতিৰ অভিযোগ তুলি মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰ দাবীত শনিবাৰে দিল্লীত এক বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছিল বিৰোধী সংগঠনসমূহে।
