জীৱন শৈলী Archives - Purbottar Asomiya https://purbottar.com/category/জীৱন-শৈলী/ Wed, 08 May 2024 12:45:55 +0000 en-US hourly 1 https://purbottar.com/wp-content/uploads/2023/12/cropped-android-chrome-512x512-9-32x32.png জীৱন শৈলী Archives - Purbottar Asomiya https://purbottar.com/category/জীৱন-শৈলী/ 32 32 178360463 ৱেষ্ট নাইল জ্বৰক লৈ সতৰ্ক কেৰালাৰ স্বাস্থ্য বিভাগ https://purbottar.com/%e0%a7%b1%e0%a7%87%e0%a6%b7%e0%a7%8d%e0%a6%9f-%e0%a6%a8%e0%a6%be%e0%a6%87%e0%a6%b2-%e0%a6%9c%e0%a7%8d%e0%a6%ac%e0%a7%b0%e0%a6%95-%e0%a6%b2%e0%a7%88-%e0%a6%b8%e0%a6%a4%e0%a7%b0%e0%a7%8d%e0%a6%95/ https://purbottar.com/%e0%a7%b1%e0%a7%87%e0%a6%b7%e0%a7%8d%e0%a6%9f-%e0%a6%a8%e0%a6%be%e0%a6%87%e0%a6%b2-%e0%a6%9c%e0%a7%8d%e0%a6%ac%e0%a7%b0%e0%a6%95-%e0%a6%b2%e0%a7%88-%e0%a6%b8%e0%a6%a4%e0%a7%b0%e0%a7%8d%e0%a6%95/#respond Wed, 08 May 2024 12:45:52 +0000 https://purbottar.com/?p=51149 কেৰালাত ৱেষ্ট নাইল জ্বৰ দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে। সংক্ৰমিত মহৰ কামোৰৰ জৰিয়তে এই জ্বৰ বিয়পে। এইকাৰণেই কেৰালাৰ স্বাস্থ্য বিভাগে সকলো জিলাতে বৰ্ষা ঋতুৰ পূৰ্বে পৰিচ্ছন্নতা অভিযান চলোৱাৰ নিৰ্দেশ জাৰি কৰে। কিয়নো ৰাজ্যখনৰ তিনিখন চহৰত এই সংক্ৰমিত ৰোগ ধৰা পৰিছে। কেৰালাৰ স্বাস্থ্য বিভাগ এই সন্দৰ্ভত সম্পূৰ্ণ সক্ৰিয় হৈ পৰিছে। ইয়াৰ লগতে ৰাজ্যখনত এক সতৰ্কবাণীও জাৰি কৰা হৈছে।কোজিকোডত […]

The post ৱেষ্ট নাইল জ্বৰক লৈ সতৰ্ক কেৰালাৰ স্বাস্থ্য বিভাগ appeared first on Purbottar Asomiya.

]]>
কেৰালাত ৱেষ্ট নাইল জ্বৰ দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে। সংক্ৰমিত মহৰ কামোৰৰ জৰিয়তে এই জ্বৰ বিয়পে। এইকাৰণেই কেৰালাৰ স্বাস্থ্য বিভাগে সকলো জিলাতে বৰ্ষা ঋতুৰ পূৰ্বে পৰিচ্ছন্নতা অভিযান চলোৱাৰ নিৰ্দেশ জাৰি কৰে। কিয়নো ৰাজ্যখনৰ তিনিখন চহৰত এই সংক্ৰমিত ৰোগ ধৰা পৰিছে। কেৰালাৰ স্বাস্থ্য বিভাগ এই সন্দৰ্ভত সম্পূৰ্ণ সক্ৰিয় হৈ পৰিছে। ইয়াৰ লগতে ৰাজ্যখনত এক সতৰ্কবাণীও জাৰি কৰা হৈছে।
কোজিকোডত এতিয়ালৈকে ৱেষ্ট নাইল জ্বৰৰ পাঁচটা ঘটনা পোহৰলৈ আহিছে। ইয়াৰ লগতে, মালাপ্পুৰম আৰু ত্ৰিচুৰত কিছু লোক এই ৰোগত আক্ৰান্ত হোৱা বুলিও জানিব পৰা গৈছে। এনে বহুতো ঘটনা আছে য’ত এই ৰোগৰ লক্ষণবোৰ প্ৰকাশ কৰা হোৱা নাই। এইকাৰণেই কৰ্তৃপক্ষই এতিয়ালৈকে সংক্ৰমিত লোকৰ সংখ্যা ৰাজহুৱা কৰা নাই। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই জ্বৰত আক্ৰান্ত পাঁচজনৰ ভিতৰত চাৰিজন আৰোগ্য হৈছে আৰু এজন ব্যক্তি এতিয়াও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। ৱেষ্ট নাইল জ্বৰৰ ঘটনা আগতে প্ৰতিবেদিত হৈছিল, কিয়নো ইয়াৰ লক্ষণবোৰ ঠিক ডেংগুৰ দৰে।

The post ৱেষ্ট নাইল জ্বৰক লৈ সতৰ্ক কেৰালাৰ স্বাস্থ্য বিভাগ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a7%b1%e0%a7%87%e0%a6%b7%e0%a7%8d%e0%a6%9f-%e0%a6%a8%e0%a6%be%e0%a6%87%e0%a6%b2-%e0%a6%9c%e0%a7%8d%e0%a6%ac%e0%a7%b0%e0%a6%95-%e0%a6%b2%e0%a7%88-%e0%a6%b8%e0%a6%a4%e0%a7%b0%e0%a7%8d%e0%a6%95/feed/ 0 51149
কোৰোনা ভেকছিনৰ প্ৰমাণ পত্ৰৰ পৰা আঁতৰিল নৰেন্দ্ৰ মোদীৰ ফটো https://purbottar.com/%e0%a6%95%e0%a7%8b%e0%a7%b0%e0%a7%8b%e0%a6%a8%e0%a6%be-%e0%a6%ad%e0%a7%87%e0%a6%95%e0%a6%9b%e0%a6%bf%e0%a6%a8%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%ae%e0%a6%be%e0%a6%a3-%e0%a6%aa%e0%a6%a4/ https://purbottar.com/%e0%a6%95%e0%a7%8b%e0%a7%b0%e0%a7%8b%e0%a6%a8%e0%a6%be-%e0%a6%ad%e0%a7%87%e0%a6%95%e0%a6%9b%e0%a6%bf%e0%a6%a8%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%ae%e0%a6%be%e0%a6%a3-%e0%a6%aa%e0%a6%a4/#respond Thu, 02 May 2024 13:08:03 +0000 https://purbottar.com/?p=50936 কভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়া সম্পৰ্কীয় বাতৰিৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো দেশৰ কোৰোনা ভেকছিন প্ৰমাণ পত্ৰৰ পৰা আঁতৰাই দিয়া হৈছে। এতিয়া ডাউনলোড কৰা প্ৰমাণপত্ৰসমূহত, ফটোখনৰ পৰিৱৰ্তে, কেৱল প্ৰধানমন্ত্ৰীৰ বাৰ্তা লিখা হৈছে, য’ত লিখা আছে যে ‘ভাৰতে ক’ভিড-১৯ক একেলগে পৰাজিত কৰিব।’ স্বাস্থ্য মন্ত্ৰালয়ে ভেকছিন প্ৰমাণপত্ৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো আঁতৰাই দিয়া সন্দৰ্ভত কয় যে সমগ্ৰ দেশতে […]

The post কোৰোনা ভেকছিনৰ প্ৰমাণ পত্ৰৰ পৰা আঁতৰিল নৰেন্দ্ৰ মোদীৰ ফটো appeared first on Purbottar Asomiya.

]]>
কভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়া সম্পৰ্কীয় বাতৰিৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো দেশৰ কোৰোনা ভেকছিন প্ৰমাণ পত্ৰৰ পৰা আঁতৰাই দিয়া হৈছে। এতিয়া ডাউনলোড কৰা প্ৰমাণপত্ৰসমূহত, ফটোখনৰ পৰিৱৰ্তে, কেৱল প্ৰধানমন্ত্ৰীৰ বাৰ্তা লিখা হৈছে, য’ত লিখা আছে যে ‘ভাৰতে ক’ভিড-১৯ক একেলগে পৰাজিত কৰিব।’ স্বাস্থ্য মন্ত্ৰালয়ে ভেকছিন প্ৰমাণপত্ৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো আঁতৰাই দিয়া সন্দৰ্ভত কয় যে সমগ্ৰ দেশতে চলি থকা লোকসভা নিৰ্বাচনৰ বাবে আদৰ্শ আচৰণ বিধি বলবৎ আছে। আচৰণ বিধিৰ বাবে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি প্ৰমাণপত্ৰৰ পৰা আঁতৰাই দিয়া হৈছে। তাৎপৰ্যপূৰ্ণভাৱে, এইটো প্ৰথম বাৰৰ বাবে নহয় যে প্ৰধানমন্ত্ৰী মোদীৰ ফটো ক’ভিড টিকাকৰণ প্ৰমাণপত্ৰৰ পৰা আঁতৰোৱা হৈছে। ইয়াৰ পূৰ্বে ২০২২ চনত উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, মণিপুৰ আৰু গোৱাৰ বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁৰ ফটো আঁতৰোৱা হৈছিল। নিৰ্বাচন আয়োগৰ নিৰ্দেশত এই পদক্ষেপ লোৱা হৈছিল।

The post কোৰোনা ভেকছিনৰ প্ৰমাণ পত্ৰৰ পৰা আঁতৰিল নৰেন্দ্ৰ মোদীৰ ফটো appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%95%e0%a7%8b%e0%a7%b0%e0%a7%8b%e0%a6%a8%e0%a6%be-%e0%a6%ad%e0%a7%87%e0%a6%95%e0%a6%9b%e0%a6%bf%e0%a6%a8%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%ae%e0%a6%be%e0%a6%a3-%e0%a6%aa%e0%a6%a4/feed/ 0 50936
২০৪০ৰ ভিতৰত বিশ্বব্যাপী প্ৰষ্টেট কৰ্কট ৰোগীৰ সংখ্যা ৮৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা https://purbottar.com/%e0%a7%a8%e0%a7%a6%e0%a7%aa%e0%a7%a6%e0%a7%b0-%e0%a6%ad%e0%a6%bf%e0%a6%a4%e0%a7%b0%e0%a6%a4-%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%8d%e0%a6%ac%e0%a6%ac%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%aa%e0%a7%80/ https://purbottar.com/%e0%a7%a8%e0%a7%a6%e0%a7%aa%e0%a7%a6%e0%a7%b0-%e0%a6%ad%e0%a6%bf%e0%a6%a4%e0%a7%b0%e0%a6%a4-%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%8d%e0%a6%ac%e0%a6%ac%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%aa%e0%a7%80/#respond Sat, 06 Apr 2024 13:51:54 +0000 https://purbottar.com/?p=50320 বিশ্বব্যাপী ২০২০ আৰু ২০৪০ চনৰ ভিতৰত প্ৰষ্টেট কৰ্কটৰোগ (Prostate cancer) আৰু মৃত্যু ৮৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ এই ৰোগৰ প্ৰভাৱ সৰ্বাধিক হাৰত নিম্ন আৰু মধ্যম আয়ৰ দেশত অধিক পৰাৰ সম্ভাৱনা আছে। এইটো প্ৰষ্টেট কৰ্কট ৰোগৰ ওপৰত অধ্যয়ন চলোৱা লেঞ্চেট আয়োগে প্ৰকাশ কৰিছে । অধ্যনকাৰী দলে কয় যে বয়োজ্যেষ্ঠ লোক প্ৰষ্টেট কৰ্কটৰোগত অধিক আক্ৰান্ত […]

The post ২০৪০ৰ ভিতৰত বিশ্বব্যাপী প্ৰষ্টেট কৰ্কট ৰোগীৰ সংখ্যা ৮৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা appeared first on Purbottar Asomiya.

]]>
বিশ্বব্যাপী ২০২০ আৰু ২০৪০ চনৰ ভিতৰত প্ৰষ্টেট কৰ্কটৰোগ (Prostate cancer) আৰু মৃত্যু ৮৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ এই ৰোগৰ প্ৰভাৱ সৰ্বাধিক হাৰত নিম্ন আৰু মধ্যম আয়ৰ দেশত অধিক পৰাৰ সম্ভাৱনা আছে। এইটো প্ৰষ্টেট কৰ্কট ৰোগৰ ওপৰত অধ্যয়ন চলোৱা লেঞ্চেট আয়োগে প্ৰকাশ কৰিছে । অধ্যনকাৰী দলে কয় যে বয়োজ্যেষ্ঠ লোক প্ৰষ্টেট কৰ্কটৰোগত অধিক আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে, যি সকলৰ বয়স ৫০ বছৰ বা তাতোকৈ অধিক। লণ্ডনৰ কৰ্কট গৱেষণা প্ৰতিষ্ঠানৰ প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কৰ্কট গৱেষণাৰ অধ্যাপক নিক জেমছে কয়- আমি জানো যে এই ৰোগীৰ সংখ্যা বাঢ়ি আহিছে, সেয়েহে আমি এতিয়া পৰিকল্পনা আৰু ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰিব লাগিব। বিশ্বব্যাপী, ২০২০ আৰু ২০৪০ চনৰ ভিতৰত প্ৰষ্টেট কৰ্কট ৰোগ আৰু মৃত্যু ৮৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, অধ্যয়ন অনুসৰি নিম্ন আৰু মধ্য আয়ৰ দেশবোৰত (এলএমআইচি) সৰ্বাধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

The post ২০৪০ৰ ভিতৰত বিশ্বব্যাপী প্ৰষ্টেট কৰ্কট ৰোগীৰ সংখ্যা ৮৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a7%a8%e0%a7%a6%e0%a7%aa%e0%a7%a6%e0%a7%b0-%e0%a6%ad%e0%a6%bf%e0%a6%a4%e0%a7%b0%e0%a6%a4-%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%8d%e0%a6%ac%e0%a6%ac%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%aa%e0%a7%80/feed/ 0 50320
কয়াকুছিত সুলভ মূল্যৰ দোকান জ্বলালে দুস্কৃতিকাৰীয়ে https://purbottar.com/there-are-many-reasons-why-you-shouldnt-buy-a-shop-in-kayakuchi/ https://purbottar.com/there-are-many-reasons-why-you-shouldnt-buy-a-shop-in-kayakuchi/#respond Sat, 06 Apr 2024 06:16:15 +0000 https://purbottar.com/?p=50278 বৰপেটা জিলাৰ কয়াকুছিত যোৱা নিশা এদল দুস্কৃতিকাৰীয়ে কয়াকুছি পথাৰ গাঁৱৰ তাইজ উদ্দিনৰ সুলভ মূল্যৰ দোকান জ্বলাই দিয়াৰ অভিযোগ উঠিছে ৷ আনকি উক্ত অগ্নিকাণ্ডত সুলভ মূল্যৰ দোকানৰ সংলগ্ন গোহালি ঘৰ এটাও ভস্মীভূত হয় ৷ ঘটনা সন্দৰ্ভত তাইজ উদ্দিনৰ পৰিয়ালে সদৰি কৰা মতে, কয়াকুছি পথাৰ গাঁৱৰ তাইজ উদ্দিনৰ সুলভ মুল্যৰ দোকানত আকস্মিকভাৱে জুই লাগে ৷ উক্ত অগ্নিকাণ্ডত […]

The post কয়াকুছিত সুলভ মূল্যৰ দোকান জ্বলালে দুস্কৃতিকাৰীয়ে appeared first on Purbottar Asomiya.

]]>
বৰপেটা জিলাৰ কয়াকুছিত যোৱা নিশা এদল দুস্কৃতিকাৰীয়ে কয়াকুছি পথাৰ গাঁৱৰ তাইজ উদ্দিনৰ সুলভ মূল্যৰ দোকান জ্বলাই দিয়াৰ অভিযোগ উঠিছে ৷

আনকি উক্ত অগ্নিকাণ্ডত সুলভ মূল্যৰ দোকানৰ সংলগ্ন গোহালি ঘৰ এটাও ভস্মীভূত হয় ৷ ঘটনা সন্দৰ্ভত তাইজ উদ্দিনৰ পৰিয়ালে সদৰি কৰা মতে, কয়াকুছি পথাৰ গাঁৱৰ তাইজ উদ্দিনৰ সুলভ মুল্যৰ দোকানত আকস্মিকভাৱে জুই লাগে ৷

উক্ত অগ্নিকাণ্ডত দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাসিন্দাৰ বাবে চৰকাৰীভাৱে
আবন্টিত ১০৫ কুইন্টল চাউলৰ ২৬ কুইন্টল সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷

লগতে সুলভ মূল্যৰ দোকানৰ লগত সংলগ্ন গোহালি ঘৰটো জুই লাগি ২৬ কুইন্টল চাউলৰ সৈতে উক্ত ঘৰখন সম্পূৰ্ণ ভাৱে ভস্মীভূত হয়।

জুইৰ সূত্ৰপাত ঘটিবলৈ কোনো বিশেষ কাৰণ দৃষ্টিগোচৰ নোহোৱা পৰিয়ালটোৱে পৰিকল্পিতভাৱে সুলভ মূল্যৰ দোকানত জুই লগাই দিয়াৰ সন্দেহ প্ৰকাশ কৰে ৷

The post কয়াকুছিত সুলভ মূল্যৰ দোকান জ্বলালে দুস্কৃতিকাৰীয়ে appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/there-are-many-reasons-why-you-shouldnt-buy-a-shop-in-kayakuchi/feed/ 0 50278
বিৰুবাৰীত সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন https://purbottar.com/commemoration-of-the-late-sahityacharya-bhrigumuni-kagyung-and-unveiling-of-the-golden-statue/ https://purbottar.com/commemoration-of-the-late-sahityacharya-bhrigumuni-kagyung-and-unveiling-of-the-golden-statue/#respond Thu, 28 Mar 2024 07:12:12 +0000 https://purbottar.com/?p=50005 মিচিং সমাজৰ সাংস্কৃতিক ইতিহাসস্বৰূপ “মিচিং সংস্কৃতিৰ আলেখ্য” ৰ স্ৰষ্টা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰাপক বৰেণ্য সাহিত্যিক, তাত্বিক সমালোচক, লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন আজি মহানগৰীৰ বিৰুবাৰীস্থিত য়ুং বয়জ ক্লাব প্ৰাংগণত অনুষ্ঠিত হয় । ‘গমলাব মিগাং (সাহিত্যাচাৰ্য) ভৃগুমুনি কাগয়ুং স্মৃতি সুৰক্ষা সমিতি”ৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠান সমিতিৰ সভাপতি কৃষ্ণ ৰাম মিলিৰ সঞ্চালনাত […]

The post বিৰুবাৰীত সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন appeared first on Purbottar Asomiya.

]]>
মিচিং সমাজৰ সাংস্কৃতিক ইতিহাসস্বৰূপ “মিচিং সংস্কৃতিৰ আলেখ্য” ৰ স্ৰষ্টা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰাপক বৰেণ্য সাহিত্যিক, তাত্বিক সমালোচক, লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন আজি মহানগৰীৰ বিৰুবাৰীস্থিত য়ুং বয়জ ক্লাব প্ৰাংগণত অনুষ্ঠিত হয় । ‘গমলাব মিগাং (সাহিত্যাচাৰ্য) ভৃগুমুনি কাগয়ুং স্মৃতি সুৰক্ষা সমিতি”ৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠান সমিতিৰ সভাপতি কৃষ্ণ ৰাম মিলিৰ সঞ্চালনাত অনুষ্ঠিত হয় । সমিতিৰ সম্পাদক ড০ অভিজিৎ পায়েঙে আঁত ধৰা অনুষ্ঠানত আনুষ্ঠানিক ভাৱে পুথিভঁৰালৰ দ্বাৰ উন্মোচন কৰি পুঠিমাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান অধ্যাপিকা ড০ প্ৰণতি তালুকদাৰ মুদিয়াৰে কয়- “জনগোষ্ঠীয় ভাষাসূহ আমি জানিব লাগে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে খোঁজ কাঢ়ি-কাঢ়ি, বহু ঘাত -প্ৰতিঘাত নেওচি সমগ্ৰ ৰাজ্যতে নহয় চুবুৰীয়া ৰাজ্যলৈ গৈ তেওঁৰ ধৰ্ম- সংস্কৃতি, নাট-পদ, গীত আদি প্ৰচাৰ-প্ৰসাৰ কৰিছিল । আজিকালিৰ একাংশ পণ্ডিতে   মহাপুৰুষ জনাৰ বিষয়ে ভাষণ দিবলৈ মাতিলে তেওঁলোকক অনা-নিয়া কৰিব লাগে, সুধে কিমান টকা দিব । আজিৰ বক্তৃতা দিয়াসকলক কিন্তু মানুহে পিচত পাহৰি যায় ।” সভাৰ বিশিষ্ট অতিথি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক দীপক শৰ্মাই কয়- “যিজনে সমাজৰ হিতৰ বাবে সাহিত্য-সংস্কৃতিৰ স’তে জড়িত থাকে তেওঁলোক চিৰদিন জীয়াই থাকে । ভৃগুমুনি কাগয়ুংৰ বিশাল ব্যক্তিত্বই সকলোকে সন্মোহিত কৰিছিল ।

প্ৰতি নিয়ত বৃহত্তৰ ৰাইজৰ হকে কলম কৰিছিল ।” সভাত বিশিষ্ট সাংবাদিক- লেখক ড০ অৰিন্দম প্ৰিন্স পাংগিং, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰুণ কুমাৰ গাম, মিচিং সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি বিলাস চন্দ্ৰ দলে, ধনেশ্বৰ দাস, কন্ঠশিল্পী ধৰণী তাৱে  সন্মানিত অতিথি হিচাপে অংশ লয় । সভাত কৃষ্ণ কুমাৰ পাটগিৰিয়ে মিচিং, অসমীয়া গীত পৰিৱেশন কৰি অনুষ্ঠানটি উপভোগ্য কৰি তোলে । সভাৰ আদিতে ভৃগুমুনি কাগয়ুংৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন, পুষ্পাৰ্ঘ অৰ্পণ কৰা হয় ।

The post বিৰুবাৰীত সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/commemoration-of-the-late-sahityacharya-bhrigumuni-kagyung-and-unveiling-of-the-golden-statue/feed/ 0 50005
অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া ৰেণু দত্ত বৰফুকনৰ জীৱন আধাৰিত তথ্যচিত্ৰ “জ্যোতিৰূপা”ৰ শুভমুক্তি https://purbottar.com/the-documentary-jyotirupa-based-on-the-life-of-the-first-female-police-officer-of-assam-renu-dutta-barphukan-was-released/ https://purbottar.com/the-documentary-jyotirupa-based-on-the-life-of-the-first-female-police-officer-of-assam-renu-dutta-barphukan-was-released/#respond Fri, 22 Mar 2024 10:07:26 +0000 https://purbottar.com/?p=49879 অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী নেপথ্য কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া, বিশিষ্ট সাহিত্যিক ৰেণু দত্ত বৰফুকনৰ বৰ্ণিল জীৱন আধাৰিত তথ্যচিত্ৰ “জ্যোতিৰূপা” নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুনবড়ী উচ্চ মাধ্যমিক বিদ্যালয়ত শুভমুক্তি কৰা হয় । উক্ত অনুষ্ঠানতে বিশিষ্ট নাট্য সমালোচক, সাংবাদিক অতুল মজুমদাৰ ৰচিত “ভ্ৰাম্যমাণ থিয়েটাৰ – শিল্পীৰ পৃথিবীত এভূমুকি প্ৰথম কুৰি বছৰ ” […]

The post অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া ৰেণু দত্ত বৰফুকনৰ জীৱন আধাৰিত তথ্যচিত্ৰ “জ্যোতিৰূপা”ৰ শুভমুক্তি appeared first on Purbottar Asomiya.

]]>
অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী নেপথ্য কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া, বিশিষ্ট সাহিত্যিক ৰেণু দত্ত বৰফুকনৰ বৰ্ণিল জীৱন আধাৰিত তথ্যচিত্ৰ “জ্যোতিৰূপা” নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুনবড়ী উচ্চ মাধ্যমিক বিদ্যালয়ত শুভমুক্তি কৰা হয় । উক্ত অনুষ্ঠানতে বিশিষ্ট নাট্য সমালোচক, সাংবাদিক অতুল মজুমদাৰ ৰচিত “ভ্ৰাম্যমাণ থিয়েটাৰ – শিল্পীৰ পৃথিবীত এভূমুকি প্ৰথম কুৰি বছৰ ” শীৰ্ষক গ্ৰন্থ এখনো উন্মোচন কৰা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন সহকাৰী পৰিচালক গকুল চন্দ্ৰ ডেকা আৰু লেখক তথ্যচিত্ৰ নিৰ্মাতা পৱন দত্তই গছপুলি ৰোপণ কৰি অনুষ্ঠানৰ শুভ আৰম্ভনি কৰে । কৃষক খগেন দাস , ম’হ পালক উত্তম ডেকা ,বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পংকজ পল্লভ শৰ্মা অৱসৰী শিক্ষক মুকুন্দ নাথ ,সমাজসেৱক প্ৰফুল্ল নাথ, চম্পক শৰ্মাই বন্তি প্রজ্বলন আৰু শ্রদ্ধাঞ্জলি কৰাৰ পিছতে বিশিষ্ট নাট সমালোচক, দৰ্শক ফ’ৰাম অসমৰ সভাপতি অতুল মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় জ্যোতিৰূপা‌ তথ্যচিত্ৰ শুভ মুক্তি অনুষ্ঠান । অনুষ্ঠানত আদৰণি বক্তব্য প্ৰদান কৰে জ্যোতিৰূপা তথ্যচিত্ৰৰ প্ৰযোজক কল্প তালুকদাৰে।

অনুষ্ঠানত অতুল মজুমদাৰৰ “ভ্রাম্যমাণ থিয়েটাৰ-শিল্পীৰ পৃথিৱীত এভূমুকি প্ৰথম কুৰি বছৰ” গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ, ৰাষ্ট্ৰপতি বঁটা প্রাপক, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সংৰক্ষক, ৰাষ্ট্ৰীয় কার্যকাৰিণী আচার্য ড° দেবেন চন্দ্র দাসে । তথ্যচিত্ৰ জ্যোতিৰূপা উদ্বোধন কৰে সংস্কৃতিৰ দাপোন কাকতৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই। মুখ্য অতিথি হিচাপে উপস্থিত থাকি এক তত্ব গধুৰ ভাষণ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক- সমালোচক বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা পৰিক্ষীত বৈশ্যই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সু-লেখক ৰবেন্দ্ৰ কুমাৰ দাস আৰু শৰাইঘাট সাহিত্য সমাজ, মালিগাঁৱৰ সভাপতি মহেশ ৰাজবংশীয়ে । তথ্যচিত্ৰ জ্যোতিৰূপাৰ পৰিচালক প্ৰণৱজ্যোতি বৰ্মনে আঁত ধৰা অনুষ্ঠানটোত অসমৰ ভিন্ন প্ৰান্তৰ শতাধিক সাহিত্য-সংস্কৃতি অনুৰাগী দৰ্শক-শ্ৰোতা উপস্থিত থাকি জ্যোতিৰূপা তথ্যচিত্ৰখন উপভোগ কৰি ভূয়সী প্ৰশংসা কৰে । অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক , অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী নেপথ্য কণ্ঠশিল্পী ৰেণুদত্ত বৰফুকনে তথ্যচিত্ৰ খন প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে আৰু দৰ্শক ফ’ৰামৰ এয়া তেওঁলৈ উত্তম উপহাৰ বুলি দোহাৰি সংশ্লিষ্ট সকলক ধন্যবাদ জনায় । তথ্যচিত্ৰ খনৰ অভিনয়ত ক্ৰমে প্ৰিয়াঞ্চী কাশ্যপ, মৈথেলী চৌধুৰী, উৰ্মিলা নাৰ্জাৰী, ধনজিৎ চৌধুৰী মিনাক্ষী চৌধুৰী , গুনীন্দ্ৰ কুমাৰ নাথ, মধুস্মিতা ভূঞা , পূজা শৰ্মা জ্যোতিৰেখা ডেকা জয় চৌধুৰী সুৰজিৎ পাঠক অসমী জাতীয় বিদ্যালয় আমৃখোৱাৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী জেং বিহু দল মালিগাওঁ।

গীতিকাৰ ৰেণু দত্ত বৰফুকন সংগীত পৰিচালনা মনদ্বীপ দাস কণ্ঠ শিল্পী দিবাকৰ দাস মিনাৰ্ভা বেজবৰুৱা জুপিতৰা নাথ ৰাজশ্ৰী দাস । চিত্ৰ গ্ৰহণ জোন সাগৰ । কাৰিকৰী নিৰ্দেশক পৰিচালক প্ৰণৱজ্যোতি বৰ্মন পৰিকল্পক গৱেষক ধাৰাবিৱৰণী ৰচক অতুল মজুমদাৰ। ধাৰাবিৱৰণী পাঠ ইন্দ্ৰজিৎ দাস ।মুখ্য প্ৰযোজনা নিয়ন্ত্ৰক কল্প তালুকদাৰৰ।

অনুষ্ঠানৰ শেষত শিল্পী কলা কুশলী সকলক একোটাকৈ উপহাৰ প্ৰদান কৰে বুলি জানিবলৈ দিয়ে প্ৰচাৰ সম্পাদক সুৰজিৎ পাঠকে।

The post অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া ৰেণু দত্ত বৰফুকনৰ জীৱন আধাৰিত তথ্যচিত্ৰ “জ্যোতিৰূপা”ৰ শুভমুক্তি appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/the-documentary-jyotirupa-based-on-the-life-of-the-first-female-police-officer-of-assam-renu-dutta-barphukan-was-released/feed/ 0 49879
দিশপুৰত চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলন উন্মোচন https://purbottar.com/chitralekha-taye-millys-collection-of-short-stories-launched-in-dibrugarh/ https://purbottar.com/chitralekha-taye-millys-collection-of-short-stories-launched-in-dibrugarh/#respond Mon, 19 Feb 2024 12:04:33 +0000 https://purbottar.com/?p=48827 আজি দিশপুৰ প্ৰেছ ক্লাবৰ সভাকক্ষত আসাম লুতাদ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলন “প্ৰতিধ্বনি”  শুভ উন্মোচন কৰা হয় । এই উপলক্ষে আয়োজিত সভাখনি  উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক “সাহিত্য কোঁৱৰ” কমল কলিতাই কয়- বৰ্তমান সময়ৰ চুটিগল্পৰ গতিধাৰাৰ  ওপৰত আলোকপাত কৰে । গ্ৰন্থখনি  উন্মোচন কৰি  আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ উত্তৰ-পূৱ ভাৰতৰ […]

The post দিশপুৰত চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলন উন্মোচন appeared first on Purbottar Asomiya.

]]>
আজি দিশপুৰ প্ৰেছ ক্লাবৰ সভাকক্ষত আসাম লুতাদ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলন “প্ৰতিধ্বনি”  শুভ উন্মোচন কৰা হয় । এই উপলক্ষে আয়োজিত সভাখনি  উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক “সাহিত্য কোঁৱৰ” কমল কলিতাই কয়- বৰ্তমান সময়ৰ চুটিগল্পৰ গতিধাৰাৰ  ওপৰত আলোকপাত কৰে । গ্ৰন্থখনি  উন্মোচন কৰি  আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ উত্তৰ-পূৱ ভাৰতৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে কয়- “অসমীয়া ভাষাত লিখা মিছিং জনগোষ্ঠীৰ লেখিকা চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলনখনিয়ে অসমীয়া ভাষা-সাহিত্যৰ ভৰাঁল টনকিয়াল কৰিব ।

নাৰী সমাজৰ মাজত আজিৰ পৰা এক বিশেষ পাব লেখিকা টায়ে মিলিয়ে ।গল্পৰ মাজেদি সমাজত ঘটি থকা এখন ছৱি দাঙি ধৰিলে উৎকৃষ্ট গল্প হয় ।”  আসাম লুতাদৰ সম্পাদক ড০ অৰিন্দম প্ৰিন্স পাংগিংয়ে আঁত ধৰা  সভাত বিশিষ্ট অতিথি  হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা অগ্ৰণী লেখক দীপক শৰ্মাই কয়- “আমি প্ৰতিটো জাতি, জনাজাতি, জনগোষ্ঠী, উপজাতি সকলোৱে ইজনে-আনজনক হাতে হাত ধৰি আগুৱাই নিয়াৰ  পৰিকল্পনা কৰিব লাগে । ভাষা অন্তৰায় নহয়। মাথোঁ, সাহস,অধ্যয়ন, অধ্যাৱসায় থাকিলে ভাল লেখক হ’ব পাৰে ।”

সন্মানীয় অতিথি হিচাপে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্  লক্ষ্মীন্দ্ৰ সিংহ, মিছিং সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক হৰেন্দ্ৰ নাথ দলেই অংশ লয় । অনাতাঁৰ শিল্পী অৱনী মিলি আৰু  ধৰণী তাৱয়ে  হৃদয়স্পৰ্শীকৈ গীত গোৱা  সভাত আয়াৰলেণ্ডৰ বিজ্ঞানী ওয়েন দালে, দিশপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সীতাৰাম দলে, পদ্মলাল পাতিৰি আৰুপদ্মেশ্বৰ পেগুয়ে বক্তব্য দাঙি ধৰে লেখিকাৰ শলাগ লয় ।

The post দিশপুৰত চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলন উন্মোচন appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/chitralekha-taye-millys-collection-of-short-stories-launched-in-dibrugarh/feed/ 0 48827
সুখবৰ! ৬ অক্টোবৰত গুৱাহাটীত কেবিন ক্ৰুৰ বাবে নিযুক্তি অভিযান ঘোষণা এয়াৰ এছিয়া ইণ্ডিয়াৰ https://purbottar.com/airasia-india-announces-recruitment-drive-for-cabin-crew-in-guwahati/ https://purbottar.com/airasia-india-announces-recruitment-drive-for-cabin-crew-in-guwahati/#respond Tue, 04 Oct 2022 07:41:01 +0000 https://purbottar.com/?p=27790 গুৱাহাটীঃ নিবনুৱাৰ বাবে এক সুখবৰ। গুৱাহাটীত কেবিন ক্ৰুৰ বাবে নিযুক্তি ঘোষণা কৰিছে এয়াৰ এছিয়া ইণ্ডিয়াই। ব্যতিক্ৰমী গ্ৰাহক সেৱা প্ৰদানৰ প্ৰতি ইচ্ছুক আবেদনকাৰীক বিমান সংস্থাটোৱে airasia.co.in/jointhecrew অথবা ছচিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। ৬ অক্টোবৰ ২০২২, শনিবাৰে কিৰণশ্ৰী গ্ৰেণ্ডত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি অভিযানত স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰমাণ পত্ৰ (HSC) বা প্ৰাক-বিশ্ববিদ্যালয় […]

The post সুখবৰ! ৬ অক্টোবৰত গুৱাহাটীত কেবিন ক্ৰুৰ বাবে নিযুক্তি অভিযান ঘোষণা এয়াৰ এছিয়া ইণ্ডিয়াৰ appeared first on Purbottar Asomiya.

]]>
গুৱাহাটীঃ নিবনুৱাৰ বাবে এক সুখবৰ। গুৱাহাটীত কেবিন ক্ৰুৰ বাবে নিযুক্তি ঘোষণা কৰিছে এয়াৰ এছিয়া ইণ্ডিয়াই। ব্যতিক্ৰমী গ্ৰাহক সেৱা প্ৰদানৰ প্ৰতি ইচ্ছুক আবেদনকাৰীক বিমান সংস্থাটোৱে airasia.co.in/jointhecrew অথবা ছচিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে।

৬ অক্টোবৰ ২০২২, শনিবাৰে কিৰণশ্ৰী গ্ৰেণ্ডত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি অভিযানত স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰমাণ পত্ৰ (HSC) বা প্ৰাক-বিশ্ববিদ্যালয় পাঠ্যক্ৰম (PUC) প্ৰমাণপত্ৰ (১০+২) থকা প্ৰাৰ্থী বা লিখিত আৰু কথিত ভাষা, ইংৰাজী আৰু হিন্দীৰ বিষয়ে ভালদৰে জ্ঞান থকা, আৰু বৈধ-ভাৰতীয় পাছপ’ৰ্ট থকা বিশ্ববিদ্যালয়ৰ প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব। লগতে প্ৰাৰ্থীসকলে নিৰ্ধাৰিত উচ্চতা আৰু বডি মাছ ইনডেক্স (BMI) মাপকাঠী পূৰণ কৰিব লাগিব।

নিযুক্তি প্ৰক্ৰিয়াৰ সবিশেষ তলত উল্লেখ কৰা হ’ল-

পঞ্জীয়নৰ তাৰিখঃ ৬ অক্টোবৰ ২০২২, শনিবাৰ
(বাধ্যতামূলক অনলাইন পঞ্জীয়ন ৫ অক্টোবৰ ২০২২ তাৰিখে সন্ধিয়া ৬:০০ বজাত বন্ধ হ’ব)
চূড়ান্ত সাক্ষাৎকাৰৰ তাৰিখঃ ৭ অক্টোবৰ, ২০২২
স্থানঃ কিৰণশ্ৰী গ্ৰেণ্ড, নিউ এয়াৰপৰ্ট ৰোড, মিৰ্জাপুৰ, আজাৰা, গুৱাহাটী, অসম- ৭৮১০১৭
পঞ্জীয়ন লিংক: airasia.co.in/jointhecrew

উল্লেখ্য যে, ২০২২ চনত বিমান সংস্থাটোৱে দৃষ্টান্তমূলক গ্ৰাহক সেৱা নিশ্চিত কৰিবলৈ শ্ৰেষ্ঠ প্ৰতিভাক নিযুক্তি আৰু গ্ৰুমিং কৰাৰ কৌশলৰ সৈতে সংগতি ৰাখি দিল্লী, বেংগালুৰু, পুনে, ডেৰাডুন আৰু লক্ষ্ণৌত কেবিন ক্ৰুৰ বাবে নিযুক্তি অভিযান চলাইছিল। নিৰ্বাচিত প্ৰাৰ্থীসকলে এয়াৰ এছিয়া ইণ্ডিয়াৰ ১০০ দিনীয়া বিস্তৃত কেবিন ক্ৰু প্ৰশিক্ষণ প্ৰক্ৰিয়াৰ বাবে যোগ্য হ’বলৈ চিকিৎসা আৰু পটভূমি পৰীক্ষা কৰে যিয়ে কেবিন সুৰক্ষা আৰু সেৱা প্ৰদানৰ ক্ষেত্ৰত বিশেষজ্ঞতা প্ৰদান কৰে। কিউৰেট কৰা পাঠ্যক্ৰমটোৱে চফ্ট-স্কিল আৰু কাৰ্য্যকৰী প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই প্ৰশিক্ষণত অন্তৰ্ভূক্ত আছে-

গ্ৰুমিং
গ্ৰাহক কেন্দ্ৰিকতা আৰু যোগাযোগ
● বিমান পৰিবহণ সুৰক্ষা
● বিপজ্জনক সামগ্ৰী চম্ভালিব পৰা
● কণ্ঠ আৰু উচ্চাৰণ প্ৰশিক্ষণ
● সুৰক্ষা আৰু জৰুৰীকালীন নিয়ন্ত্ৰণ পদ্ধতি
● দুৱাৰ চলোৱা, স্লাইড খালী কৰা, ডিচিং আৰু ফায়াৰ ড্ৰিলৰ বাবে ব্যৱহাৰিক ড্ৰিল
● প্ৰাথমিক চিকিৎসা
● সেৱা প্ৰদান

কঠোৰ প্ৰশিক্ষণে প্ৰাৰ্থীসকলক পেছাদাৰী ক্ৰু সদস্য হ’বলৈ প্ৰস্তুত কৰে যিটো সমগ্ৰ বিশ্বতে প্ৰেৰণাদায়ক আৰু লোভনীয়, ক্ৰু আৰু ওচৰৰ পৰিয়ালৰ বাবে বিস্তৃত ভ্ৰমণ আৰু উৰণৰ ভাট্টা প্ৰদান কৰে।

দিল্লীত ড্ৰিল চেচনৰ লগতে বেংগালুৰুস্থিত বিমান সংস্থাটোৰ অত্যাধুনিক ৰেড উইংছ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। কাৰ্যসূচীৰ শেষত ব্যক্তিসকলক আনুষ্ঠানিকভাৱে স্নাতক অনুষ্ঠানত নিজৰ উইংছ প্ৰদান কৰা হয়।

এয়াৰএছিয়া ইণ্ডিয়াৰ কেবিন ক্ৰু সদস্য হোৱাটোৱে সেৱাৰ ভূমিকাৰ বাহিৰলৈও বিস্তৃত হৈ আছে– এয়াৰলাইনেটিংছ ডট কমৰ পৰা শূন্য কাণ্ডৰ প্ৰতিবেদনৰ সৈতে বিমান সংস্থাটোৱে ৭/৭ৰ সৰ্বোচ্চ সুৰক্ষা ৰেটিং লাভ কৰিছে, আৰু বঁটা বিজয়ী খাদ্য আৰু সেৱা আগবঢ়ায়।

এয়াৰএছিয়া ইণ্ডিয়াৰ কেবিন ক্ৰু বিভাগে এনে এক উজ্জ্বল ব্যক্তিত্বৰ সৈতে আত্মবিশ্বাসী ব্যক্তি বিচাৰে যিয়ে সমাধানমুখী আৰু সহানুভূতিশীল হোৱাৰ লগতে বিমান সেৱা, সুৰক্ষা, আৰু সুৰক্ষা পদ্ধতি পৰিচালনা কৰাৰ দৰে জটিল দায়িত্ব ল’বলৈ সক্ষম হয়। এয়াৰএছিয়া ইণ্ডিয়াৰ অতিথিমুখী ৰাষ্ট্ৰদূত হিচাপে কেবিন ক্ৰুৱে সংস্থাটোৰ মূল্যবোধ ৰক্ষা কৰাৰ লগতে অতিথিসকলক আদৰ্শগত সেৱা আগবঢ়াব বুলি আশা কৰা হৈছে।

এয়াৰ এছিয়া ইণ্ডিয়াই দৈনিক পোনপটীয়া বিমানেৰে গুৱাহাটীক বেংগালুৰু, দিল্লী, চেন্নাই আৰু ইম্ফলৰ সৈতে সংযোগ কৰে। গুৱাহাটীৰ পৰা গোৱা, হায়দৰাবাদ, আৰু লক্ষ্ণৌৰ মাজত সুবিধাজনক সংযোগী বিমান সেৱাও প্ৰদান কৰে এই বিমান সংস্থাটোৱে।

বিঃদ্ৰঃ এয়াৰএছিয়া (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডে কেতিয়াও নিযুক্তিৰ বাবে কোনো ধৰণৰ ধন লব নোৱাৰে। নিযুক্তি সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে অনুগ্ৰহ কৰি টুইটাৰ @AirAsiaIndia, ইনষ্টাগ্ৰাম @AirAsiaIndia, ফেচবুক @AirAsiaIndia আৰু লিংকডইন @AirAsiaIndiaত AirAsia India ভিজিট কৰক।

এয়াৰএছিয়া ইণ্ডিয়াৰ বিষয়েঃ
ভাৰতৰ বেংগালুৰুত মুখ্য কাৰ্যালয় থকা এয়াৰএছিয়া (ইণ্ডিয়া) প্ৰাইভেট লিমিটেড টাটা সন্স প্ৰাইভেট লিমিটেডৰ এটা সহযোগী প্ৰতিষ্ঠান। ২০১৪ চনৰ ১২ জুনত এয়াৰএছিয়া ইণ্ডিয়াই কাৰ্য্যকলাপ আৰম্ভ কৰে আৰু সমগ্ৰ ভাৰততে ৫০টা প্ৰত্যক্ষ আৰু ১০০টা সংযোগী পথৰ ওপৰত উৰণ কৰে।

বিমান সংস্থাটোৱে টাটা নিউত প্লাছ চামৰাৰ আসন, গৰম খাদ্য আৰু অন্যান্য বহুতো একচেটিয়া সুবিধা আগবঢ়ায়। এয়াৰএছিয়া ইণ্ডিয়াই কাৰ্য্যকৰী দক্ষতা প্ৰদান আৰু অতিথি অভিজ্ঞতা বৃদ্ধি কৰিবলৈ প্ৰযুক্তি ধাৰাবাহিকভাৱে আকোৱালি লৈছে, ইয়াৰ বঁটা বিজয়ী মোবাইল এপ আৰু ৱেবছাইট airasia.co.in ত দ্ৰুত বুকিং, ফেব মূল্য আৰু কল্পনাতীত ডিল প্ৰদান কৰিছে। লগতে এটা উন্নত AI-চালিত বহুভাষিক চেটবটৰ সৈতে নিৰৱচ্ছিন্ন সমৰ্থন প্ৰদান কৰি আহিছে।

এয়াৰ এছিয়া ইণ্ডিয়াৰ উদ্ভাৱন, প্ৰচাৰ, কাৰ্য্যকলাপ আৰু প্ৰতিযোগিতাসমূহৰ শেহতীয়া তথ্যৰ বাবে, এয়াৰ এছিয়া ইণ্ডিয়াক টুইটাৰ @AirAsiaIndia, ইনষ্টাগ্ৰাম @AirAsiaIndia, ফেচবুক @AirAsiaIndia আৰু লিংকডইন @AirAsiaIndiaত ফ’ল’ কৰক।

সংবাদ মাধ্যমৰ যিকোনো প্ৰশ্নৰ বাবে যোগাযোগ কৰকঃ
ৰোহিত কুমাৰ
জনসংযোগ, এয়াৰএছিয়া ইণ্ডিয়া
ইমেইল: rohitkumarsingh@airasia.co.in

The post সুখবৰ! ৬ অক্টোবৰত গুৱাহাটীত কেবিন ক্ৰুৰ বাবে নিযুক্তি অভিযান ঘোষণা এয়াৰ এছিয়া ইণ্ডিয়াৰ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/airasia-india-announces-recruitment-drive-for-cabin-crew-in-guwahati/feed/ 0 27790
কোভিড-19-ৰ পৰা আৰোগ্যৰ বাৱে আমণ্ড সহায় কৰিব https://purbottar.com/almond-for-health/ Tue, 17 May 2022 10:10:46 +0000 https://purbottar.com/?p=13303 দৈনন্দিন ৰুটিনত কেইটামান পৰিৱৰ্তন অন্তৰ্ভুক্ত কৰি, কোভিড-19-ৰ পৰা পুনৰুদ্ধাৰ প্ৰক্ৰিয়াটো বৃদ্ধি কৰিব পাৰি। ৰিতিকা সমাদ্দাৰ, আঞ্চলিক মুৰব্বী – ডায়েটেটিক্স, মেক্স হেল্থকেয়াৰ – দিল্লীয়ে উদ্ধাৰ হোৱা ৰোগীসকলৰ বাবে কেইটামান পৰামৰ্শ ৰখাৰ পৰামৰ্শ দিছিল।তাই কৈছিল, পেশী হেৰুওৱাৰ বাবে তেওঁৰ প্ৰ’টিন গ্ৰহণ বৃদ্ধি কৰা উচিত। কোভিড-19-ৰ ফলত প্ৰ’টিন হ্ৰাস হোৱাৰ অৰ্থ হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰা। এই […]

The post কোভিড-19-ৰ পৰা আৰোগ্যৰ বাৱে আমণ্ড সহায় কৰিব appeared first on Purbottar Asomiya.

]]>
দৈনন্দিন ৰুটিনত কেইটামান পৰিৱৰ্তন অন্তৰ্ভুক্ত কৰি, কোভিড-19-ৰ পৰা পুনৰুদ্ধাৰ প্ৰক্ৰিয়াটো বৃদ্ধি কৰিব পাৰি। ৰিতিকা সমাদ্দাৰ, আঞ্চলিক মুৰব্বী – ডায়েটেটিক্স, মেক্স হেল্থকেয়াৰ – দিল্লীয়ে উদ্ধাৰ হোৱা ৰোগীসকলৰ বাবে কেইটামান পৰামৰ্শ ৰখাৰ পৰামৰ্শ দিছিল।
তাই কৈছিল, পেশী হেৰুওৱাৰ বাবে তেওঁৰ প্ৰ’টিন গ্ৰহণ বৃদ্ধি কৰা উচিত। কোভিড-19-ৰ ফলত প্ৰ’টিন হ্ৰাস হোৱাৰ অৰ্থ হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰা। এই ৰোগ প্ৰতিৰোধ ক্ষমতা পূৰণ কৰিবলৈ, উচ্চ প্ৰ’টিন আহাৰৰ পৰামৰ্শ দিয়া হয়। এজনে আহাৰ পৰিকল্পনাত বাদামৰ দৰে বাদাম যোগ দিব পাৰে। কাঠবাদামত ভিটামিন ই অধিক থাকে, যি পালমোনাৰী ৰোগ প্ৰতিৰোধ কাৰ্যত সহায় কৰিবলৈ এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে।

ৰিতিকা সমাদ্দাৰে ৰোগ আৰু পুনৰুদ্ধাৰ পৰ্যায়ত উন্নত হাইড্ৰেচনৰ বাবে পানীৰ উপৰিও চুপ, নাৰিকল পানী, সতেজ পানী, শ্বেক আদিত তৰল গ্ৰহণ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল। যিকোনো প্ৰকাৰৰ ৰোগৰ পৰা আৰোগ্য হোৱাৰ বাবে শৰীৰক তৰল, মূলতঃ পানীৰে হাইড্ৰেট কৰাহৈছে এক আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ ভিটামিন চি আৰু জিংকৰ দৈনিক পালি পাবলৈ যথেষ্ট পৰিমাণৰ ফল, শাক-পাচলি আৰু বাদাম যেনে কাঠবাদাম খাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল। অস্বাস্থ্যকৰ লঘু আহাৰৰ বাবে কাঠবাদাম এক ভাল বিকল্প হ’ব পাৰে। তেওঁ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ, কোভিডৰ চিকিৎসাৰ সময়ত জটিলতা পৰিহাৰ কৰিবলৈ আৰু পুনৰুদ্ধাৰৰ পিছত পৰ্যায়ত পৰামৰ্শ দিছিল। ভিতৰৰ ব্যায়ামৰ ৰুটিন আৰু যোগৰ সহায়ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পাৰি। এই সময়ত নেমুজাতীয় ফল বোৰ সৰ্বশ্ৰেষ্ঠ। এমুঠি বাদামৰ দৰে বাদামৰ ক্ষেত্ৰতো কেতিয়াও ভুল হ’ব নোৱাৰে।

The post কোভিড-19-ৰ পৰা আৰোগ্যৰ বাৱে আমণ্ড সহায় কৰিব appeared first on Purbottar Asomiya.

]]>
13303
মাইন্ত্ৰা শেহতীয়া ব্ৰেণ্ড প্ৰচাৰ https://purbottar.com/myntras-latest-brand/ https://purbottar.com/myntras-latest-brand/#respond Sat, 14 Aug 2021 05:49:18 +0000 https://purbottar.com/?p=13240 মাইন্ত্ৰাই ভাৰতীয় ফেশ্বন ক্ষেত্ৰত নিজৰ দখলৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ বৰ্তমানৰ চেলিব্ৰেটি এম্বেচেডৰ কিয়াৰাআদৱানী আৰু সামান্থা আক্কিনেনিৰ সৈতে হৃত্বিক ৰোশন, বিজয় দেৱেৰাকোণ্ডা আৰু ডুলকুৱেৰ চলমানক ইয়াৰ নৱতম ব্ৰেণ্ড এম্বেচেডৰ হিচাপে চুক্তিবদ্ধ কৰিছে। মাইন্ত্ৰাৰ সংযুক্ত তাৰকা শক্তিৰ সৈতে মিন্ট্ৰাই সমগ্ৰ দেশৰ গ্ৰাহকসকলক লক্ষ্য কৰি লৈছিল। মাইন্ত্ৰাৰ যুৱ ক্ৰেতাসকলৰ মাজত এক উচ্চাকাংক্ষী ব্ৰেণ্ড আছে যিয়ে ব্যক্তিগত ষ্টাইল […]

The post মাইন্ত্ৰা শেহতীয়া ব্ৰেণ্ড প্ৰচাৰ appeared first on Purbottar Asomiya.

]]>
মাইন্ত্ৰাই ভাৰতীয় ফেশ্বন ক্ষেত্ৰত নিজৰ দখলৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ বৰ্তমানৰ চেলিব্ৰেটি এম্বেচেডৰ কিয়াৰাআদৱানী আৰু সামান্থা আক্কিনেনিৰ সৈতে হৃত্বিক ৰোশন, বিজয় দেৱেৰাকোণ্ডা আৰু ডুলকুৱেৰ চলমানক ইয়াৰ নৱতম ব্ৰেণ্ড এম্বেচেডৰ হিচাপে চুক্তিবদ্ধ কৰিছে। মাইন্ত্ৰাৰ সংযুক্ত তাৰকা শক্তিৰ সৈতে মিন্ট্ৰাই সমগ্ৰ দেশৰ গ্ৰাহকসকলক লক্ষ্য কৰি লৈছিল।

মাইন্ত্ৰাৰ যুৱ ক্ৰেতাসকলৰ মাজত এক উচ্চাকাংক্ষী ব্ৰেণ্ড আছে যিয়ে ব্যক্তিগত ষ্টাইল গাইড এটা ৰাখিছে যি ষ্টাইলিছ হোৱাৰ সময়ত তেওঁলোকৰ স্বকীয়তাক প্ৰতিনিধিত্ব কৰে, মিন্ট্ৰা হৈছে তেওঁলোকৰ সকলো ফেশ্বন আৰু জীৱনশৈলীৰ প্ৰয়োজনীয়তাৰ বাবে এক এক-ষ্টপ গন্তব্যস্থান। নতুন ব্ৰেণ্ড এম্বেচেডৰ ঘোষণা আৰু ব্ৰেণ্ড অভিযানৰ শুভাৰম্ভ সন্দৰ্ভত ভাষণ দি মিন্ট্ৰাৰ চিএমঅ’ হৰিশ নাৰায়ণনে কয়, “মাইন্ত্ৰা পৰিয়াললৈ সকলো চুপাৰষ্টাৰক স্বাগতম জনাই আমি উৎফুল্লিত হৈছো। এই শীৰ্ষ ফেশ্বন আইকনবোৰ, যিসকল প্ৰশংসিত ফেশ্বন ৰচনাকাৰী, মাইন্ত্ৰাৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ তাৰকা-খচিত প্ৰচাৰৰ অংশ হ’ব। এই অভিযানে মাইন্ত্ৰাৰ ‘ভাৰতৰ ফেশ্বন বিশেষজ্ঞ’ হিচাপে স্থিতি শক্তিশালী কৰিব আৰু প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়া পৃথক ফেশ্বন প্ৰদান আৰু অতুলনীয় বজাৰৰ অভিজ্ঞতা লাভ কৰিব।”

The post মাইন্ত্ৰা শেহতীয়া ব্ৰেণ্ড প্ৰচাৰ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/myntras-latest-brand/feed/ 0 13240