অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া ৰেণু দত্ত বৰফুকনৰ জীৱন আধাৰিত তথ্যচিত্ৰ “জ্যোতিৰূপা”ৰ শুভমুক্তি

143

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী নেপথ্য কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া, বিশিষ্ট সাহিত্যিক ৰেণু দত্ত বৰফুকনৰ বৰ্ণিল জীৱন আধাৰিত তথ্যচিত্ৰ “জ্যোতিৰূপা” নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুনবড়ী উচ্চ মাধ্যমিক বিদ্যালয়ত শুভমুক্তি কৰা হয় । উক্ত অনুষ্ঠানতে বিশিষ্ট নাট্য সমালোচক, সাংবাদিক অতুল মজুমদাৰ ৰচিত “ভ্ৰাম্যমাণ থিয়েটাৰ – শিল্পীৰ পৃথিবীত এভূমুকি প্ৰথম কুৰি বছৰ ” শীৰ্ষক গ্ৰন্থ এখনো উন্মোচন কৰা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন সহকাৰী পৰিচালক গকুল চন্দ্ৰ ডেকা আৰু লেখক তথ্যচিত্ৰ নিৰ্মাতা পৱন দত্তই গছপুলি ৰোপণ কৰি অনুষ্ঠানৰ শুভ আৰম্ভনি কৰে । কৃষক খগেন দাস , ম’হ পালক উত্তম ডেকা ,বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পংকজ পল্লভ শৰ্মা অৱসৰী শিক্ষক মুকুন্দ নাথ ,সমাজসেৱক প্ৰফুল্ল নাথ, চম্পক শৰ্মাই বন্তি প্রজ্বলন আৰু শ্রদ্ধাঞ্জলি কৰাৰ পিছতে বিশিষ্ট নাট সমালোচক, দৰ্শক ফ’ৰাম অসমৰ সভাপতি অতুল মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় জ্যোতিৰূপা‌ তথ্যচিত্ৰ শুভ মুক্তি অনুষ্ঠান । অনুষ্ঠানত আদৰণি বক্তব্য প্ৰদান কৰে জ্যোতিৰূপা তথ্যচিত্ৰৰ প্ৰযোজক কল্প তালুকদাৰে।

অনুষ্ঠানত অতুল মজুমদাৰৰ “ভ্রাম্যমাণ থিয়েটাৰ-শিল্পীৰ পৃথিৱীত এভূমুকি প্ৰথম কুৰি বছৰ” গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ, ৰাষ্ট্ৰপতি বঁটা প্রাপক, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সংৰক্ষক, ৰাষ্ট্ৰীয় কার্যকাৰিণী আচার্য ড° দেবেন চন্দ্র দাসে । তথ্যচিত্ৰ জ্যোতিৰূপা উদ্বোধন কৰে সংস্কৃতিৰ দাপোন কাকতৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই। মুখ্য অতিথি হিচাপে উপস্থিত থাকি এক তত্ব গধুৰ ভাষণ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক- সমালোচক বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা পৰিক্ষীত বৈশ্যই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সু-লেখক ৰবেন্দ্ৰ কুমাৰ দাস আৰু শৰাইঘাট সাহিত্য সমাজ, মালিগাঁৱৰ সভাপতি মহেশ ৰাজবংশীয়ে । তথ্যচিত্ৰ জ্যোতিৰূপাৰ পৰিচালক প্ৰণৱজ্যোতি বৰ্মনে আঁত ধৰা অনুষ্ঠানটোত অসমৰ ভিন্ন প্ৰান্তৰ শতাধিক সাহিত্য-সংস্কৃতি অনুৰাগী দৰ্শক-শ্ৰোতা উপস্থিত থাকি জ্যোতিৰূপা তথ্যচিত্ৰখন উপভোগ কৰি ভূয়সী প্ৰশংসা কৰে । অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক , অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী নেপথ্য কণ্ঠশিল্পী ৰেণুদত্ত বৰফুকনে তথ্যচিত্ৰ খন প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে আৰু দৰ্শক ফ’ৰামৰ এয়া তেওঁলৈ উত্তম উপহাৰ বুলি দোহাৰি সংশ্লিষ্ট সকলক ধন্যবাদ জনায় । তথ্যচিত্ৰ খনৰ অভিনয়ত ক্ৰমে প্ৰিয়াঞ্চী কাশ্যপ, মৈথেলী চৌধুৰী, উৰ্মিলা নাৰ্জাৰী, ধনজিৎ চৌধুৰী মিনাক্ষী চৌধুৰী , গুনীন্দ্ৰ কুমাৰ নাথ, মধুস্মিতা ভূঞা , পূজা শৰ্মা জ্যোতিৰেখা ডেকা জয় চৌধুৰী সুৰজিৎ পাঠক অসমী জাতীয় বিদ্যালয় আমৃখোৱাৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী জেং বিহু দল মালিগাওঁ।

গীতিকাৰ ৰেণু দত্ত বৰফুকন সংগীত পৰিচালনা মনদ্বীপ দাস কণ্ঠ শিল্পী দিবাকৰ দাস মিনাৰ্ভা বেজবৰুৱা জুপিতৰা নাথ ৰাজশ্ৰী দাস । চিত্ৰ গ্ৰহণ জোন সাগৰ । কাৰিকৰী নিৰ্দেশক পৰিচালক প্ৰণৱজ্যোতি বৰ্মন পৰিকল্পক গৱেষক ধাৰাবিৱৰণী ৰচক অতুল মজুমদাৰ। ধাৰাবিৱৰণী পাঠ ইন্দ্ৰজিৎ দাস ।মুখ্য প্ৰযোজনা নিয়ন্ত্ৰক কল্প তালুকদাৰৰ।

অনুষ্ঠানৰ শেষত শিল্পী কলা কুশলী সকলক একোটাকৈ উপহাৰ প্ৰদান কৰে বুলি জানিবলৈ দিয়ে প্ৰচাৰ সম্পাদক সুৰজিৎ পাঠকে।