কয়াকুছিত সুলভ মূল্যৰ দোকান জ্বলালে দুস্কৃতিকাৰীয়ে

793

বৰপেটা জিলাৰ কয়াকুছিত যোৱা নিশা এদল দুস্কৃতিকাৰীয়ে কয়াকুছি পথাৰ গাঁৱৰ তাইজ উদ্দিনৰ সুলভ মূল্যৰ দোকান জ্বলাই দিয়াৰ অভিযোগ উঠিছে ৷

আনকি উক্ত অগ্নিকাণ্ডত সুলভ মূল্যৰ দোকানৰ সংলগ্ন গোহালি ঘৰ এটাও ভস্মীভূত হয় ৷ ঘটনা সন্দৰ্ভত তাইজ উদ্দিনৰ পৰিয়ালে সদৰি কৰা মতে, কয়াকুছি পথাৰ গাঁৱৰ তাইজ উদ্দিনৰ সুলভ মুল্যৰ দোকানত আকস্মিকভাৱে জুই লাগে ৷

উক্ত অগ্নিকাণ্ডত দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাসিন্দাৰ বাবে চৰকাৰীভাৱে
আবন্টিত ১০৫ কুইন্টল চাউলৰ ২৬ কুইন্টল সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷

লগতে সুলভ মূল্যৰ দোকানৰ লগত সংলগ্ন গোহালি ঘৰটো জুই লাগি ২৬ কুইন্টল চাউলৰ সৈতে উক্ত ঘৰখন সম্পূৰ্ণ ভাৱে ভস্মীভূত হয়।

জুইৰ সূত্ৰপাত ঘটিবলৈ কোনো বিশেষ কাৰণ দৃষ্টিগোচৰ নোহোৱা পৰিয়ালটোৱে পৰিকল্পিতভাৱে সুলভ মূল্যৰ দোকানত জুই লগাই দিয়াৰ সন্দেহ প্ৰকাশ কৰে ৷