২০৪০ৰ ভিতৰত বিশ্বব্যাপী প্ৰষ্টেট কৰ্কট ৰোগীৰ সংখ্যা ৮৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা

246

বিশ্বব্যাপী ২০২০ আৰু ২০৪০ চনৰ ভিতৰত প্ৰষ্টেট কৰ্কটৰোগ (Prostate cancer) আৰু মৃত্যু ৮৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ এই ৰোগৰ প্ৰভাৱ সৰ্বাধিক হাৰত নিম্ন আৰু মধ্যম আয়ৰ দেশত অধিক পৰাৰ সম্ভাৱনা আছে। এইটো প্ৰষ্টেট কৰ্কট ৰোগৰ ওপৰত অধ্যয়ন চলোৱা লেঞ্চেট আয়োগে প্ৰকাশ কৰিছে । অধ্যনকাৰী দলে কয় যে বয়োজ্যেষ্ঠ লোক প্ৰষ্টেট কৰ্কটৰোগত অধিক আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে, যি সকলৰ বয়স ৫০ বছৰ বা তাতোকৈ অধিক। লণ্ডনৰ কৰ্কট গৱেষণা প্ৰতিষ্ঠানৰ প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কৰ্কট গৱেষণাৰ অধ্যাপক নিক জেমছে কয়- আমি জানো যে এই ৰোগীৰ সংখ্যা বাঢ়ি আহিছে, সেয়েহে আমি এতিয়া পৰিকল্পনা আৰু ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰিব লাগিব। বিশ্বব্যাপী, ২০২০ আৰু ২০৪০ চনৰ ভিতৰত প্ৰষ্টেট কৰ্কট ৰোগ আৰু মৃত্যু ৮৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, অধ্যয়ন অনুসৰি নিম্ন আৰু মধ্য আয়ৰ দেশবোৰত (এলএমআইচি) সৰ্বাধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।