শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে কুশল দুৱৰীক ৰণাংগনত নমালে বিজেপিয়ে। সুদীৰ্ঘ সময় ধৰি এই সমষ্টিটোক লৈ প্ৰাৰ্থিত্বকেন্দ্ৰিক অস্বস্তিৰ অন্তত অৱশেষত কুশল দুৱৰীক টিকট প্ৰদান কৰি গেৰুৱা দলে নিৰ্বাচনী যুঁজখন অধিক আমোদজনক কৰি তুলিছে। এনডিএ মিত্ৰজোঁটৰ মাজত এই আসনখন পূৰ্বে অসম গণ পৰিষদক এৰি দিয়া হৈছিল যদিও শেষ মুহূৰ্তত বিজেপিয়েও প্ৰাৰ্থী প্ৰক্ষেপ কৰাত মিত্ৰদলৰ মাজত এতিয়া এক ‘বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা’ৰ পৰিৱেশ সৃষ্টি হৈছে।
এই সিদ্ধান্তৰ ফলত সমষ্টিটোত বৰ্তমানৰ বিধায়ক অখিল গগৈৰ সৈতে বিজেপিৰ কুশল দুৱৰী আৰু অগপৰ প্ৰদীপ হাজৰিকাৰ মাজত এক তীব্ৰ ত্ৰিকোণীয়া যুঁজৰ ইংগিত পোৱা গৈছে। প্ৰাৰ্থিত্ব লাভ কৰা কুশল দুৱৰীৰ শিৱসাগৰৰ সৈতে এক পুৰণি সম্পৰ্ক আছে। তেওঁ ২০০৬ চনত এই সমষ্টিৰ পৰাই নিৰ্দলীয় হিচাপে জয়লাভ কৰি ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল। পৰৱৰ্তী সময়ত ২০১৬ চনত তেওঁ থাওৰা সমষ্টিৰ পৰা বিজেপিৰ টিকটত বিধায়ক হিচাপে নিৰ্বাচিত হয়।
নিৰ্বাচনী ৰাজনীতিৰ উপৰি দুৱৰীয়ে সমাজ বিকাশ মঞ্চ আৰু নবদ্বীপ সমাজ বিকাশ মঞ্চৰ দৰে স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে বিজেপিৰ বিভিন্ন জনকল্যাণমূলক কামৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আহিছে। সমষ্টিটোত তেওঁৰ এক নিজস্ব গণভিত্তি থকাৰ লগতে ৰাইজৰ সৈতে থকা নিবিড় সম্পৰ্কই এই যুঁজখনত তেওঁক সহায় কৰিব বুলি চৰ্চা চলিছে।
আনহাতে, অগপৰ প্ৰদীপ হাজৰিকাৰ সুদীৰ্ঘ ৰাজনৈতিক অভিজ্ঞতা আৰু শক্তিশালী ভোট বেংকে শিৱসাগৰৰ এই ৰণখনক অধিক ৰহস্যজনক কৰি ৰাখিছে। মিত্ৰজোঁটৰ দুই প্ৰাৰ্থীৰ বিপৰীতে বিধায়ক অখিল গগৈৰ প্ৰভাৱে আগন্তুক দিনত ঐতিহাসিক নগৰখনৰ নিৰ্বাচনী ফলাফল কেনেধৰণে নিৰূপণ কৰিব, সেয়া এতিয়া সৰ্বত্ৰে এক চৰ্চাৰ বিষয় হৈ পৰিছে।
