ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় পক্ষক মোক্ষম আঘাত দি দেওবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে বিজেপিৰ শক্তিশালী নেত্ৰী তথা কেবিনেট মন্ত্ৰী নন্দিতা গৰ্লোছাই। বৰ্তমানৰ ডিমা হাচাও জিলাৰ হাফলং সমষ্টিৰ বিধায়িকা গৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী তথা এপিচিচিৰ সাধাৰণ সম্পাদক নিৰ্মল লাংথাচাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে দলটোৰ পতাকা হাতত তুলি লয়।
বিজেপিয়ে এইবাৰ হাফলং সমষ্টিত গৰ্লোছাক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰি ৰূপালী লাংথাচা নামৰ নতুন মুখক সুযোগ দিয়াৰ পাছতেই এই নাটকীয় পৰিৱৰ্তন ঘটে। যদিও এতিয়ালৈকে কোনো চৰকাৰী ঘোষণা হোৱা নাই, তথাপিও এই যোগদানৰ পাছত নিৰ্মল লাংথাচাৰ পৰিৱৰ্তে নন্দিতা গৰ্লোছাই কংগ্ৰেছৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো প্ৰায় নিশ্চিত বুলি চৰ্চা চলিছে।
মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নতুন মুখক সুযোগ দিয়াৰ স্বাৰ্থত কেইবাজনো বৰ্তমানৰ বিধায়কৰ টিকট কাটিব বুলি ঘোষণা কৰিছিল, য’ত এগৰাকী কেবিনেট মন্ত্ৰীৰ নাম অন্তৰ্ভুক্ত হোৱা ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। কংগ্ৰেছৰ মতে, গৰ্লোছাৰ এই যোগদানে হাফলং সমষ্টিত দলটোৰ ভেটি অধিক শক্তিশালী কৰাৰ লগতে নিৰ্বাচনী ফলাফলত এক ইতিবাচক প্ৰভাৱ পেলাব।
