দেশৰ গোপন সামৰিক তথ্য পাকিস্তানলৈ সৰবৰাহ কৰা এজন চোৰাংচোৱাৰূপে সুমিত কুমাৰ নামৰ ৩৬ বছৰীয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ অসমৰ চাবুৱা বায়ুসেনা ঘাটিত মাল্টি-টাস্কিং ষ্টাফল হিচাবে কৰ্মৰত আছিল আৰু সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানৰ চোৰাংচুৱা এজেণ্টৰ সৈতে সম্পর্ক ৰাখি গোপন তথ্য যোগান ধৰিছিল। তথ্যানুসাৰে, কুমাৰে জানুৱাৰী ২০২৩ৰ পৰা পাকিস্তানী এজেণ্টৰ সৈতে যোগাযোগ ৰাখিছিল আৰু বায়ুসেনাৰ গোপন তথ্য জানিবলৈ ধৰাবাহিকভাৱে তথ্য সঞ্চয় কৰিছিল। বিশেষ অভিযানত, ৰাজস্থান আৰক্ষী আৰু নতুন দিল্লীৰ বায়ুসেনাৰ চোৰাংচুৱা শাখাই যৌথভাৱে কুমাৰক গ্ৰেপ্তাৰ কৰি জয়পুৰলৈ স্থানান্তৰ কৰে। সুমিত কুমাৰক অফিচিয়েল চিক্ৰেট এক্ট ১৯২৩ আৰু ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাটো দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু সামরিক প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা ব্যৱস্থাত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। ভারতীয় চোৰাংচুৱা সংস্থা সমূহে ব্যাপক অভিযানৰ মাধ্যমে আন সদস্যসমূহক সনাক্ত কৰাৰ চেষ্টা কৰিছে।
