অনলাইন ফার্মাচীৰ অনিয়ন্ত্রিত কাৰ্য্যকলাপ আৰু লুণ্ঠনকাৰী মূল্য নির্ধাৰণৰ বিৰুদ্ধে অল ইণ্ডিয়া অৰ্গেনাইজেচন অৱ কেমিষ্টছ এণ্ড ড্ৰাগিষ্টছ চমুকৈ এ আই অ চি ডিয়ে আজি দেশজুৰি ফাৰ্মাচী আৰু দৰব বিতৰকে বন্ধ কাৰ্যসূচী পালন কৰে। একেদৰে এ আই অ চি ডিৰ স্বীকৃতিপ্ৰাপ্ত সংগঠন হিচাপে কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এচোছিয়েশ্যন অফ, অসম চমুকৈ চি ডি এ এৰ উদ্যোগত অসমতো আজি সৰ্বাত্মকভাবে দৰব ব্যবসায়ী সকলে বন্ধৰ কাৰ্যসূচী পালন কৰা হয়। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পানবজাৰৰ যশোবন্ত ৰোডত থকা চি ডি ডি এৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা বিয়লি ১ বজালৈকে দুই ঘণ্টাযোৰা ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়। একেদৰে অসমৰ ৩০ খন জিলাত এই বন্ধৰ কাৰ্যসূচী পালন কৰা হয়। বন্ধৰ কাৰ্যসূচীৰ পাছত প্ৰতিখন জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তিনিদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় । আনহাতে গুৱাহাটীৰ মূখ্য কাৰ্যালয়ত আয়োজিত ধৰ্ণা কাৰ্যসূচীত চি ডি ডি এৰ সভাপতি ডঃ এন এল আগৰৱালা, সম্পাদক হলধৰ ডেকা , কোষাধ্যক্ষ কৌস্তভ কুমাৰ গুহকে ধৰি কেবাজনো কৰ্মকৰ্তা আৰু সদস্যসকলে ভাগ লয় । কাৰ্যসূচীত ভাগ লোৱা কৰ্মকৰ্তাসকলে অভিযোগ কৰা অনুসৰি চৰকাৰৰ কেতবোৰ হঠকাৰী সিদ্ধান্তৰ বাবে সাধাৰণ ৰাইজে অধিক মূল্যত ঔষধ ক্ৰয় কৰিবলগীয়া হৈছে। সমান্তৰালভাবে দেশতে বৃদ্ধি পাইছে অনলাইন ফাৰ্মাচী। এই অনলাইন ফাৰ্মাচীৰ অনিয়ন্ত্ৰিত কাৰ্যকলাপ আৰু ঔষধৰ লুণ্ঠনকাৰী মূল্যৰ বিৰুদ্ধে সমগ্ৰ দেশতে এতিয়া ১২.৪০ লাখতকৈও অধিক ঔষধ ব্যৱসায়ী ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে।
অবৈধ ই-ফার্মাচী আৰু বিশেষ ৰেহাইৰ ফলত ঔষধ ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল ৫ কোটি স্থানীয় লোকৰ জীৱিকাৰ লগতে পৰিয়াল সমূহ বিপদত পৰিছে। সমগ্র দেশৰ ১২.৪০ লাখতকৈও অধিক ঔষধ খুচুৰা ব্যবসায়ী আৰু ঔষধ বিতৰকক প্রতিনিধিত্ব কৰা শীর্ষ সংস্থা অল ইণ্ডিয়া অর্গেনাইজেচন অৱ কেমিষ্টছ এণ্ড ড্রাগিষ্টছ ( এ আই অ চি ডি ) এ চৰকাৰী নিষ্ক্রিয়তাৰ বিৰুদ্ধে আজি সমগ্র দেশজুৰি এদিনীয়া ফাৰ্মাচী বন্ধ ঘোষণা কৰিবলৈ বাধ্য হৈছে । অসমৰ প্ৰায় ২২ হাজাৰ ফাৰ্মাচী আৰু ঔষধ বিক্ৰেতাই বন্ধ কাৰ্যসূচীত ভাগ লৈছে। পূৰ্বতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীক এ আই অ চি ডিৰ ফালৰ পৰা দাখিল কৰা স্মাৰক পত্ৰত সংগঠনটোৱে স্পষ্ট কৰি দিছিল যে বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো ঔষধ ব্যৱসায়ক প্রভাবিত কৰা গুৰুতৰ বিষয়সমূহৰ ওপৰত কোনো সুনির্দিষ্ট ব্যবস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই । যাৰ ফলত সমগ্র দেশৰ ঔষধ ব্যবসায়ীসকলৰ মাজত গভীৰ ক্ষোভৰ সৃষ্টি হৈছে। অবৈধ ই-ফার্মাচীসমূহে জনস্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰি আহিছে। ই-ফাৰ্মাচী প্লেটফৰ্মসমূহে নিয়ন্ত্রণমূলক শিথিলতাৰ সুবিধা লৈছে। শাৰীৰিক পৰীক্ষণ অবিহনে ঔষধ বিক্ৰী কৰি আছে । একেখন প্ৰেছত্রিপচনক বাৰে বাৰে ব্যৱহাৰ কৰা হৈছে। এ আই ভিত্তিক ভুৱা প্রেছক্রিপচনৰ জৰিয়তে এন্টিবায়টিক আৰু অভ্যাস গঠনকাৰী ঔষধৰ অনিয়ন্ত্রিত উপলব্ধতাই জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে ।বৃহৎ কর্পৰেট সত্তাসমূহে বিশেষ ৰেহাইৰ জৰিয়তে বজাৰৰ ভাৰসাম্য বিঘ্নিত কৰিছে। ইয়াৰ ফলত গ্রাম্য আৰু নগৰীয়া অঞ্চলৰ ক্ষুদ্র ব্যবসায়ী সকলৰ অস্তিত্বৰ প্রতি ভাবুকি আহি পৰিছে।
যিয়ে শেষত সুলভ ঔষধ যোগান ব্যৱস্থাটো ধ্বংস কৰিব। আমি কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছো যে ক’ভিডৰ সময়ত জাৰি কৰা অধিসূচনা তৎকালীনভাবে কার্যকৰী হোৱাকৈ প্রত্যাহাৰ কৰা , ই-ফার্মাচী সম্পর্কীয় অধিসূচনা প্রত্যাহাৰ কৰা , কর্পৰেটসমূহে অন্যায়ভাবে বিশেষ ৰেহাই দিয়া বন্ধ কৰিবলৈ “লেভেল প্লেয়িং ফিল্ড” নীতি প্ৰৱৰ্তন কৰাৰ বাবে দাবী জনাই আহিছে আমাৰ দাবীসমূহৰ ওপৰত চৰকাৰে কোনো সুনির্দিষ্ট সিদ্ধান্ত গ্রহণ নকৰে তেন্তে পৰৱৰ্তী সময়ত তেওঁলোকে অনির্দিষ্টকাললৈ আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হ’ব। উল্লেখ্য যে ১৯ মে’ৰ দিনা মাজনিশা ১২ বজাৰ পৰা আৰম্ভ হোৱা ২৪ ঘন্টাযোৰা দেশজুৰি ফাৰ্মাচী বন্ধৰ কাৰ্যসূচী আজি মাজনিশা ১২ বজাত সামৰণি পৰিব । অৱশ্যে ৰাইজৰ হব পৰা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ কেতবোৰ গুৰুত্বপূৰ্ণ স্থান ক্ৰমে – জি এম চি এইচ চৌহদ, গণেশগুৰি , নুনমাটি, চানমাৰী, উজনবজাৰ , লাখটকীয়া, লালগণেশ, কালাপাহাৰ, চেৰাপভাতী , বেলতলা , আমিনগাওঁ, ধাৰাপুৰ চাৰিআলি, আজাৰা , কাঁহিকুছিৰ ভি আই পি চক আদিত কিছু সংখ্যক ফাৰ্মাচী খোলা ৰখাৰ ব্যৱস্থা কৰা হৈছে। এই সন্দৰ্ভত চি ডি ডি এৰ ফালৰ পৰা অসমৰ ঔষধ নিয়ন্ত্ৰকক খোলা ৰখা ফাৰ্মাচীৰ তালিকা দিয়া হৈছে।
