২০২৬ৰ ফিফা বিশ্বকাপৰ বাবে পৰ্তুগালে ঘোষণা কৰিছে দল। তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে পুনৰবাৰ দলটোক নেতৃত্ব দিব৷ অভিলেখ ষষ্ঠ বিশ্বকাপত খেলা অভিজাত খেলুৱৈৰ গ্ৰুপত যোগদান কৰিব ৪১ বছৰীয়া ৰোনাল্ডোৱে।অৱশ্যে এই তালিকাত প্ৰথম নাম হ’ব মেক্সিকান গ’লৰক্ষক গুইলাৰমো অচ’য়া, কিয়নো মেক্সিকোৱে প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ খেলিব। আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈ লিয়নেল মেছিয়েও তেওঁৰ ষষ্ঠ বিশ্বকাপত খেলিব।২০০৬ চনৰ ফিফা বিশ্বকাপৰ জৰিয়তে ক্রিষ্টিয়ানো ৰোনাল্ডোৱে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। এই প্ৰতিযোগিতাত পৰ্তুগালে ছেমি ফাইনেলত প্ৰৱেশ কৰি চতুৰ্থ স্থান দখল কৰে।
ইৰানৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমটো গ’ল দিয়ে ৰোনাল্ডোৱে। ২০১০ চনৰ বিশ্বকাপত প্ৰথমবাৰৰ বাবে অধিনায়ক হিচাপে খেলিছিল ৰোনাল্ডোৱে। পৰ্তুগালে ১৬ ৰাউণ্ডত প্ৰৱেশ কৰে।এই সময়ছোৱাত উত্তৰ কোৰিয়াৰ বিৰুদ্ধে ৰোনাল্ডোৱে এক সুন্দৰ গ’ল দিয়ে। ২০১৪ চনত পৰ্তুগালে গ্ৰুপ পৰ্যায়ত বাহিৰ হয়। আঘাতৰ সৈতে ৰোনাল্ডোৱে যুঁজি আছিল যদিও তেওঁ ঘানাৰ বিৰুদ্ধে গ’ল দি দললৈ এক উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। ২০১৮ চনৰ বিশ্বকাপত ৰোনাল্ডোৱে নিজৰ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। স্পেইনৰ বিৰুদ্ধে তেওঁ এক সুন্দৰ হেট্ৰিক অৰ্জন কৰাৰ লগতে সমগ্ৰ প্ৰতিযোগিতাখনত মুঠ চাৰিটা গ’ল দিয়ে। কিন্তু পৰ্তুগালে প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ বাহিৰলৈ আগবাঢ়িব নোৱাৰিলে।
২০২২ চনৰ বিশ্বকাপত পৰ্তুগালে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এই প্ৰতিযোগিতাত ৰোনাল্ডোৱে একেৰাহে পাঁচটা বিশ্বকাপত গ’ল দি ইতিহাস ৰচনা কৰি বিশ্বৰ প্ৰথমজন ফুটবলাৰ হিচাপে পৰিগণিত হয়। বিশ্বকাপত পৰ্তুগালে গ্ৰুপ কে-ত স্থান লাভ কৰিছে, য’ত ডি আৰ কংগো, কলম্বিয়া, উজবেকিস্তানৰ বিৰুদ্ধে খেলিব। ফুটবল অনুৰাগীসকলেও ৰোনাল্ডো আৰু মেছিৰ মাজত সম্ভাৱ্য সংঘৰ্ষৰ ওপৰত দৃষ্টি ৰাখিব। মেছিৰ অধিনায়কত্বত আৰ্জেণ্টিনাই শেষৰখন বিশ্বকাপত জয়লাভ কৰিছিল।
