দেশজুৰি ট্ৰণ্ডিঙত এটা শব্দ।
Cockroash janata party।
যিয়ে প্ৰত্যাহবান আনিছে শাসকীয় বিজেপিলৈ।
বিজেপিৰ সমৰ্থকত কৈ এতিয়া অধিক COCKROASH জনতা পাৰ্টীৰ সমৰ্থক।
কিন্তু কোনে কিয় কি উদ্দেশ্যে গঠন কৰিলে এই ডিজিটেল পাৰ্টিটো
দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে নিবনুৱা যুৱ প্ৰজন্মক উদেশ্য কৰিছিল বিৰ্তকিত মন্তব্য। পইতাঁচোৰাৰ লগত তুলনা কৰিছিল দেশৰ নিবনুৱা সকলক।
এই মন্তব্যই দেশৰ নিবনুৱা সকলৰ মাজত লগাইছিল তোলপাৰ।
দেশত কোনোধৰণৰ কাম নোপোৱা কেতবোৰ নিবনুৱা পইতাচোৰাৰ দৰে। তেওঁলোকে ক’তো কাম বিচাৰি নাপাই মিডিয়া,সামাজিক মাধ্যম কৰ্মী বা আৰটিআই কৰ্মী হৈ সকলোকে প্ৰশ্ন কৰিবলৈ লাগি যায় ।
ন্যায়াধীশ গৰাকীৰ এই মন্তব্যৰ পিছতেই দেশত আৰম্ভ হয় এক সুপ্ত আন্দোনল।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব’ষ্টন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লোৱা অভিজিৎ দীপকে নামৰ যুৱকে ডিজিটেল মাধ্যমত আৰম্ভ কৰে এ কোকৰোচ্ছ জনতা পাৰ্টী ।
যুৱ প্ৰজন্মৰ মন্তব্যৰ বিৰোধত আৰম্ভ হোৱা কোকৰোচ্ছ জনতা পাৰ্টীলৈ এতিয়া ১ কোটিৰো অধিক লোকে সমৰ্থন জনাইছে। ৰাজনৈতিক কৌতুকৰে বৰ্তমান সময়ত ইণ্টাৰনেটত খলকনি তুলিছে এই নতুন দলটোৱে । তেওঁলোকে নিজৰ সামাজিক মাধ্যমত দলটোৰ সদস্য ভৰ্তিৰ বাবে এখন গুগুল ফৰ্ম ৰাখিছে । এই গুগুল ফৰ্মৰ জৰিয়তে সদস্য ভৰ্তিৰ আহ্বানৰ প্ৰতি তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ সমন্বিতে অন্য ৰাজনৈতিক দল এই ডিজিটেল আন্দোলনৰ সৈতে সংযুক্ত হৈছে বুলি চৰ্চা লাভ কৰিছে।
এই কোকৰোচ্ছ জনতা পাৰ্টীৰ আছে একাধিক এজেণ্ডা ।
১. ন্যায়াধীশৰ বাবে অৱসৰৰ পাছত সুবিধা কৰ্তন কৰা ।
২. ৰাজনৈতিক দল সলনি কৰাসকলৰ বাবে ২০ বছৰৰ নিষেধাজ্ঞা ।
৩. মহিলাৰ বাবে ৫০ শতাংশৰ সংৰক্ষণ ।
৪. আদানী-আম্বানীৰ স্বত্বাধিকাৰ থকা মিডিয়া অনুজ্ঞা কৰ্তন ।
৫. নিৰপেক্ষ আৰু স্বতন্ত্ৰ সংস্থাক মিডিয়া অনুজ্ঞা প্ৰদান ।
৬. বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰি একিউআই ২৫ৰ তললৈ অনা ।
৭. বিনামূলীয়া ৰাজহুৱা শিক্ষা ৷
৬ মে’পৰা আৰম্ভ হোৱা এই কোকৰোচ্ছ জনতা দলৰ ফেন বা সদস্য় সংখ্য়া দ্ৰুতগতিত বৃদ্ধি পাইছে ।
