মণিপুৰৰ টুপুলত পুনৰ ভূমিস্খলন!

6612

শনিবাৰে মণিপুৰৰ নোনে জিলাৰ টুপুলত আন এক ভূমিস্খলন। এই কথা জানিবলৈ দিছে মণিপুৰ মাউণ্টেৰিং এণ্ড ট্ৰেকিং এছ’চিয়েশ্যনে।

অনুসন্ধান আৰু উদ্ধাৰ অভিযান উন্নত কৰাৰ বাবে টুপুললৈ অধিক উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হয়। ২৯ জুনত টুপুলত সংঘটিত হোৱা দুৰ্যোগৰ পিছৰে পৰা সেনা, আছাম ৰাইফলছ, টেৰিটৰিয়েল আৰ্মী, ষ্টেট ডিজাষ্টাৰ ৰেচপন্স ফ’ৰ্চ (এছ ডি আৰ এফ), আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই আহিছে।

মণিপুৰৰ টুপুলৰ এই ভূমিস্খলনত নিহতৰ সংখ্যা এতিয়ালৈকে ২৫ জনলৈ বৃদ্ধি পাইছে।

বুধবাৰে সন্ধিয়া নিৰ্মাণৰত জিৰিবামৰ পৰা ইম্ফল ৰে’ল লাইনলৈ পহৰা দিবলৈ টুপুল ৰে’লৱে ষ্টেচনৰ ওচৰতে স্থাপিত ভাৰতীয় সেনাৰ ১০৭ টেৰিটৰিয়েল আৰ্মীৰ কোম্পানী পজিচনৰ পৰা অলপ দূৰৈত সংঘটিত হয় ভূমিস্খলন।

গুৱাহাটীৰ পি আৰ অ’ ডিফেন্সৰ পৰা প্ৰকাশিত এক বিবৃতি অনুসৰি নিৰুদ্দেশ হোৱা ২৬ জন সাধাৰণ নাগৰিক আৰু টেৰিটৰিয়েল আৰ্মীৰ ১২ জন সদস্যৰ সন্ধান এতিয়াও অব্যাহত আছে।