কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ মণিপুৰৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা চানাওজাম চামাচৰোণ সিঙক।
উল্লেখ্য যে, জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৯ এপ্ৰিলত স্থানীয় সংবাদ সংস্থা এটাৰ ডিবেট অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল।
ইয়াৰ পিছতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ (বিজেৱাইএম) সভাপতি এম ৰবি শৰ্মাই তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত ইম্ফল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মণিপুৰ কংগ্ৰেছৰ মুখপাত্ৰ চানাওজাম চামাচৰোণ সিঙক।
বিজেৱাইএমৰ সভাপতিজনে সিঙৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে মূল ভূখণ্ডৰ হিন্দুসকলক অপমান কৰা আৰু তেওঁলোকক ‘জন্তু’ বুলি অভিহিত কৰাৰ অভিযোগ উত্থাপন কৰে।
এই অভিযোগৰ ভিত্তিত জ্যেষ্ঠ কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৪-এ, ২৯৫-জেড আৰু ৫০৫ৰ অধীনত এটা গোচৰ ৰুজু কৰা হয়।
অৱশ্যে, সিঙক তেওঁৰ গোচৰৰ শুনানিৰ পিছত স্থানীয় আদালতে জামিন প্ৰদান কৰা বুলি জানিব পৰা গৈছে।