ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বেই ৰাম ৰাজ্যত সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ড। মঙলবাৰে নিশা অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত ব্যৱহাৰৰ বাবে আমদানি কৰা ফটকাত হঠাৎ সংঘটিত হয় বিস্ফোৰণৰ ঘটনা। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনু্ষ্ঠানত ব্যৱহাৰৰ বাবে তামিলনাডুৰ এটা ফটকা কাৰখানাৰ পৰা এখন ট্ৰাকেৰে লৈ যোৱা হৈছিল ফটকাখিনি।
ট্ৰাকখন উত্তৰ প্ৰদেশৰ উন্নাও পোৱাৰ সময়তে এটা সৰু দুৰ্ঘটনা সংঘটিত আৰু ইয়াৰ পিছতে ট্ৰাকখনত থকা ফটকাত ইটোৰ পিছত সিটোকৈ সংঘটিত বিস্ফোৰণে সমগ্ৰ অঞ্চলটো কঁপাই তোলে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, তিনি ঘণ্টা ধৰি ট্ৰাকখনত একেৰাহে সংঘটিত হয় বিস্ফোৰণ। পিছত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখনৰ জুই নিৰ্বাপণ কৰে।
অৱশ্যে ট্ৰাকখনত কেনেকৈ জুই লাগিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। প্ৰসংগক্ৰমে মঙলবাৰৰ ঘটনাটোত ছচিয়েল মিডিয়াত বহু লোকে উন্নাওৰ ইতিহাসৰ কথা সোঁৱৰাই দিছে। অপৰাধৰ ঘাটি হিচাপে পৰিগণিত হৈ অহা উন্নাওত ২০১৯ চনত এগৰাকী ভুক্তভোগীক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল দুজন অভিযুক্তৰ বিৰুদ্ধে।
এনে পৰিপ্ৰেক্ষিতত একাংশই পুনৰ ৰামায়ণৰ বিষয়টো মঙলবাৰৰ ঘটনাৰ সৈতে সাঙুৰি লোৱা দেখা গৈছে। তেওঁলোকে কয় যে সীতাক ৰাৱণৰ পৰা মুক্ত কৰিবলৈ ৰামভক্ত হনুমানে ৰাৱণৰ ৰাজ্য লংকাত জুই লগাইছিল। এই অনুষ্ঠান অযোধ্যা উৎসৱৰ আগৰ ঐশ্বৰিক লক্ষণ নেকি সেই প্ৰশ্নও উত্থাপন কৰিছে অনেকে। অৱশ্যে এই সকলোবোৰ বিতৰ্কৰ বাহিৰেও আৰক্ষীয়ে বৰ্তমান এই ঘটনা কেনেকৈ সংঘটিত হ’ল, তাৰ তদন্ত অব্যাহত ৰাখিছে।