বিবাহ বিচ্ছেদ কৰিব নেকি ছানিয়া মিৰ্জাই? ছ’চিয়েল মিডিয়াৰ পোষ্টক লৈ পুনৰ চৰ্চা…

315

পাকিস্তানী ক্ৰিকেটাৰ স্বামী শ্বোয়েইব মালিকৰ পৰা পৃথক হ’ব নেকি ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা? ২০২২ চনৰ পৰাই চৰ্চিত হৈ অহা তাৰকা দম্পতীহালৰ বিবাহ বিচ্ছেদৰ উৰা বাতৰিত এইবাৰ পুনৰ ইন্ধন যোগাইছে ছানিয়া মিৰ্জাৰ আন এক ছ’চিয়েল মিডিয়া পোষ্টে। পূৰ্বেও সামাজিক মাধ্যমত বিবাহ বিচ্ছেদ সম্পৰ্কীয় বিভিন্ন পোষ্ট শ্বেয়াৰ কৰি তেওঁলোকক বিবাহ বিচ্ছেদৰ খবৰক ৰহস্যঘন কৰি তোলা ছানিয়াৰ আন এক পোষ্টে এতিয়া সামাজিক মাধ্যমত লাভ কৰিছে যথেষ্ট চৰ্চা। বুধবাৰে পুৱা ছানিয়াই নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত এটা পোষ্ট শ্বেয়াৰ কৰে।

এই পোষ্টটোত লিখা আছে- “বিবাহ কঠিন। বিবাহ বিচ্ছেদ কঠিন। আপোনাৰ কঠিনতম বাছি লওক। মেদবহুলতা কঠিন। ফিট হৈ থকাটো কঠিন। আপোনাৰ কঠিনতম বাছি লওক। ঋণগ্ৰস্ত হোৱাটো কঠিন। আৰ্থিকভাৱে অনুশাসিত হৈ থকাটো কঠিন। আপোনাৰ কঠিনতম বাছি লওক। যোগাযোগ কঠিন। যোগাযোগ নকৰাটো কঠিন। আপোনাৰ কঠিনতম বাছি লওক। জীৱনটো কেতিয়াও সহজ নহ’ব। সদায় কঠিন হৈ থাকিব। কিন্তু আমি আমাৰ কঠোৰ পৰিশ্ৰম বাছি ল’ব পাৰো। বুদ্ধিমত্তাৰে বাছি লওক।”

ছানিয়া মিৰ্জাৰ এই পোষ্টৰ পিছতে তেওঁলোকৰ বিবাহ বিচ্ছেদক লৈ পুনৰ নেটিজেনৰ মাজত আৰম্ভ হৈছে চৰ্চা। এনে এক পোষ্টৰ জৰিয়তে ছানিয়াই নিজৰ বিবাহ বিচ্ছেদৰ ইংগিত দিয়া বুলিও বিভিন্নজনে সন্দেহ কৰিছে। ইফালে ছানিয়া আৰু শ্বোয়েইব মালিকৰ বিচ্ছেদৰ অহৰহ উৰাবাতৰি চলি থকাৰ পাছতো শেহতীয়াকৈ সাঁতোৰ প্ৰতিযোগিতাত পুত্ৰ ইজহানৰ সফলতা একেলগে উদযাপন কৰা দেখা যায় দম্পতীহালক।

উল্লেখ্য যে, ২০১০ চনত পাক ক্ৰিকেটাৰ শ্বোয়েইব মালিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা। ২০২২ চনৰ পৰাই দুয়োৰে বিবাহ বিচ্ছেদৰ খবৰে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰি আহিছে।