মানৱ-বন্যপ্ৰাণী সংঘাত প্ৰশমনৰ বাবে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিত সৌৰ বেৰা স্থাপন

550

মানৱ আৰু বন্যপ্ৰাণীৰ সংঘাত, প্ৰধানকৈ মানৱ-হাতী সংঘাত প্ৰশমন আৰু সহাৱস্থানক উদগনি যোগোৱাৰ উদ্দেশ্যে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু ডব্লিউ ডব্লিউ এফ- ইণ্ডিয়াই যৌথভাৱে অসমৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মধ্য ৰেঞ্জ (কাচুগাঁও)ৰ দাঁতিত মুঠ ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন কম খৰচী সৌৰ বেৰা স্থাপন কৰিছে ।

স্থানীয় লোকৰ তত্ত্বাবধানত থাকিবলগীয়া এই এডলীয়া তাৰৰ সৌৰ বেৰাখনে ডোমবজাৰ, হাজাৰিগুৰি, নন্দীপুৰ ১, নন্দীপুৰ ২, গজানপুৰ , লোটামাৰী ১, শান্তিপুৰ, হাদনপুৰ, গোলাইপাৰা, ঠাকমপুৰ, ৰূপনাথপুৰ, বাথৌগুৰি আদি ১২ খন গাঁও আৰু চুবাৰ প্ৰায় ৫৬৮ ঘৰ (২৭০০-৩০০০ জন) লোকক মানৱ-হাতী সংঘাতৰ ক্ৰমবৰ্ধমান ঘটনাৰ পৰা তাৎক্ষণিক সকাহ দিব বুলি আশা কৰা হৈছে ।

১১ আগষ্টত আৰম্ভ হোৱা এই বেৰা স্থাপনৰ কাম ২৯ আগষ্টত সফলতাৰে সম্পন্ন কৰা হৈছে আৰু ইয়াক আনুষ্ঠানিক উদ্বোধনী আৰু ৰাইজৰ হাতত গতাই দিয়াৰ বাবে সকলো সাজু কৰি তোলা হৈছে।

১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰ বেৰাখনৰ ৪.৩ কিলোমিটাৰ আৰণ্যকে স্থানীয় লোকৰ সহায়ত নিৰ্মাণ কৰিছে। অঞ্জন বৰুৱাৰ নেতৃত্বত আৰু জীৱন কুমাৰ চেত্ৰী আৰু ৰিপুঞ্জয় কুমাৰ নাথক লৈ গঠিত আৰণ্যকৰ দলটোৱে বেৰা স্থাপনৰ কাম সম্পূর্ণ কৰাত স্থানীয় লোকক সহায় কৰে ।

৪২২ বৰ্গ কিলোমিটাৰ এলেকাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নৱতম আৰু ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান । চাৰিটা ৰেঞ্জ ক্ৰমে পূৱ আঠিয়াবাৰী), ছানফান, মধ্য (কচুৱাগাঁও) আৰু পশ্চিম ৰেঞ্জ (ৰাইমনা)ক লৈ গঠিত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ অধিসূচনা (অসম গেজেট অধিসূচনা নং এফ আৰ ডব্লিউ.০২/২০২১/২৭ ডি.টি.ডি) ২০২১ চনৰ ৮ জুনত জাৰি কৰা হৈছিল।