অসম আৰক্ষীয়ে শনিবাৰে ৰাজ্যৰ বাহিৰলৈ অবৈধভাৱে সৰবৰাহ কৰি নিয়া ২২ মেট্ৰিক টন ৰেহাইমূলীয়া সাৰ জব্দ কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে।
এই অভিযান কাছাৰ জিলাত চলোৱা হৈছিল বুলি তেওঁ জনায়।
“চোৰাং সৰবৰাহকাৰীয়ে মুকলি বজাৰৰ ওপৰত চকু ৰাখিছিল। আমি তেওঁলোকৰ ওপৰত চকু ৰাখিছিলোঁ,” শৰ্মাই জব্দ কৰা সাৰ ভৰ্তি ট্ৰাকৰ ভিডিঅ’ শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াত লিখে।
“আজি @cacharpolice এ অসমৰ বাহিৰলৈ সৰবৰাহ কৰি থকা অৱস্থাত ২২ মেট্ৰিক টন ৰেহাইমূলীয়া সাৰ জব্দ কৰিছে। প্ৰতিটো বেগ আমাৰ কৃষকৰ বাবে আছিল। তেওঁলোকৰ অংশৰ ওপৰত ভাগ বহুৱালে আইনৰ সন্মুখীন হ’ব লাগিব,” তেওঁ লগতে কয়।
গৃহ বিভাগৰ দায়িত্বত থকা শৰ্মাই এই পদক্ষেপৰ বাবে আৰক্ষীক প্ৰশংসা কৰে।
অৱশ্যে কোনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেই বিষয়ে তেওঁ উল্লেখ কৰা নাই।
