অসামৰিক পেঞ্চন প্ৰদানৰ বাবে আৰ বি আইৰ অনুমোদন লাভ কৰিছে বন্ধন বেংকে

779

বৰ্তমান সময়ত দ্ৰুতগতিত বৃদ্ধি পোৱা ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ ভিতৰত অন্যতম বন্ধন বেংকে বিত্ত মন্ত্ৰালয়ৰ চেন্ট্ৰেল পেঞ্চন একাউণ্টিং কাৰ্যালয়(চিপিএঅ’)ৰ হৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে কৰ্তৃত্বশীল পেঞ্চন বিতৰণ বেংক হিচাপে বেংকটোক অনুমোদন জনোৱাৰ কথা ঘোষণা কৰিছে।  বিত্ত মন্ত্ৰালয়, অসামৰিক পেঞ্চনাৰসকলৰ বাবে। বেংকটোৱে অচিৰে চিপিএঅ’ৰ কাৰ্যালয়ৰ সৈতে একত্ৰিত হৈ বিতৰণ প্ৰক্ৰিয়া কাৰ্যকৰী কৰিব।

এই অনুমোদনে বেংকক অসামৰিক মন্ত্ৰালয়/বিভাগ (ৰে’লৱে, ডাক আৰু প্ৰতিৰক্ষাৰ বাহিৰে), দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল,  বিধানসভা নথকা কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসন, উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু উচ্চতন্যায়ালয় আৰু সৰ্বভাৰতীয় সেৰৱা বিষয়াসকলক পেঞ্চন প্ৰদান কৰাৰ অধিকাৰ প্ৰদান কৰিছে। এই আঁচনিখনে প্ৰাক্তন সাংসদসকলক পেঞ্চন প্ৰদান আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি/উপ-ৰাষ্ট্ৰপতিসকলক পেঞ্চন আৰু অন্যান্য সুবিধা প্ৰদান কৰাটোও অন্তৰ্ভুক্ত কৰা হৈছে।

এই বিষয়ে বন্ধন বেংকৰ গভাৰ্নমেণ্ট বিজনেছ বিভাগৰ মুৰব্বী দেৱৰাজ সাহাই কয় যে, “এই নতুন অনুমোদন হৈছে মানুহে বন্ধন বেংকৰ ওপৰত ৰখা বৰ্ধিত আস্থাৰ প্ৰমাণ। ই আমাক অৱসৰপ্ৰাপ্ত লোকসকলক পেঞ্চনৰ দক্ষ বিতৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ অনুমতি দিয়ে, লগতে গ্ৰাহকৰ সোণালী বছৰবোৰত বিত্তীয় কল্যাণৰ বাবে অৰিহণা যোগায়। আমি এতিয়া অৱসৰপ্ৰাপ্ত লোকসকলক অধিক সুশৃংখলিত, সুৰক্ষিত আৰু তৎকালীনভাৱে সেৱা আগবঢ়োৱাৰ বাবে অধিক সুসজ্জিত হৈছোঁ। এই সৰ্বগুৰুত্বপূৰ্ণ পদক্ষেপৰ সৈতে আমাৰ ওপৰত বিশ্বাস ৰখাৰ বাবে আমি নিয়ন্ত্ৰক বা কৰ্তৃপক্ষক ধন্যবাদ জনাইছো।”