মহিলাক উলংগ কৰি পেৰেড স্বামী-শহুৰৰ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে গ্ৰেপ্তাৰ ৩ জনক

76

ৰাজস্থানৰ প্ৰতাপগড় জিলাত এগৰাকী জনজাতীয় মহিলাক স্বামী আৰু শহুৰেকে প্ৰহাৰ কৰি উলংগ কৰি পেৰেড কৰাৰ অভিযোগ উত্থাপন হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এই ঘটনা পোহৰলৈ আহে। ইতিমধ্যে আৰক্ষীয়ে ৩ জনক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষী সঞ্চালক প্ৰধান উমেশ মিশ্ৰৰ মতে, বৃহস্পতিবাৰে জিলাখনৰ ধৰিয়াবাদ থানাৰ সীমাৰ অন্তৰ্গত পহাদা গ্ৰাম পঞ্চায়তৰ নিচালকোটা গাঁৱত সংঘটিত হয় এই ঘটনা।

“শুকুৰবাৰে সন্ধিয়া এই ঘটনাৰ ভিডিঅ’ অনলাইনত প্ৰকাশ পোৱাৰ পিছতে এই বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ হয়। কিছু সময়ৰ পিছতে জিলা আৰক্ষী অধীক্ষক, আৰক্ষী প্ৰধান পৰিদৰ্শক আৰু সংশ্লিষ্ট আৰক্ষী থানাৰ এছএইচঅ’ৰ লগতে অন্যান্য আৰক্ষী কৰ্মী লগে লগে গাঁৱত উপস্থিত হয়।’-এএনআইক এইদৰে কয় ডিজিপিয়ে।

এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল যুৱতীগৰাকী। অভিযোগ অনুসৰি, গাঁৱৰ আন এজন পুৰুষৰ লগত তেওঁ থাকিবলৈ আৰম্ভ কৰিছিল।

এই কাণ্ডক গৰিহণা দি মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে অভিযুক্তসকলক “যথাসম্ভৱ সোনকালে কাৰাগাৰৰ আঁৰত ৰখা হ’ব”।

ঘটনা সন্দৰ্ভত সবিশেষ দি ডিজিপিয়ে কয়, “মহিলাগৰাকীৰ শহুৰেকে এই জঘন্য অপৰাধ সংঘটিত কৰিছিল। তেওঁলোকে তেওঁক অপহৰণ কৰি নিজৰ গাঁৱলৈ লৈ গৈছিল য’ত ঘটনা সংঘটিত হৈছিল। বিয়াৰ পিছত তেওঁ আন ঠাইলৈ যোৱাৰ বাবে তেওঁলোক বিৰক্ত হৈছিল।”

মহিলাগৰাকীক অপহৰণ কৰাৰ পিছত স্বামীয়েও তেওঁক কাপোৰ খুলি গাঁৱত প্ৰায় এক কিলোমিটাৰ পেৰেড কৰি মাৰপিট কৰে বুলি ডিজিপিয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে, “শহুৰেকৰ ফালৰ পৰা কিছুমান মহিলাও এই কাণ্ডৰ সৈতে জড়িত হোৱা দেখা গৈছে আৰু এই বিষয়ত অভিযুক্ত সকলো ব্যক্তিক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ব।”

মিশ্ৰই আৰু কয় যে এই গোচৰৰ অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব আৰু লগতে কয় যে মুখ্যমন্ত্ৰী গেহলটেও এই কাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।