বোম্বে উচ্চ ন্যায়ালয়ত মুখ ঠেকেছা খালে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে। অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে উত্থাপিত মানহানিৰ গোচৰ বাতিল কৰিবলৈ উচ্চ ন্যায়ালয়ত কংগনাই দাখিল কৰা আবেদন আজি খাৰিজ কৰে বোম্বে উচ্চ ন্যায়ালয়ে।
দৰাচলতে, অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত প্ৰদান কৰা এক টিভি সাক্ষাৎকাৰত কংগনাই গীতিকাৰ জাভেদ আখতাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছিল। তাৰ পিছতে আখতাৰে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।
কংগনাই অপৰাধমূলক মানহানিৰ অভিযোগ বাতিল কৰিবলৈ এখন আবেদন দাখিল কৰিছিল যাৰ ওপৰত জাভেদ আখটাৰে আদালতক আবেদনখন খাৰিজ কৰিবলৈ অনুৰোধ জনায়। আখটাৰে দাবী কৰে যে কংগনাৰ বক্তব্যই তেওঁৰ খ্যাতিক আঘাত কৰিছে। আখটাৰৰ অধিবক্তা এন কে ভৰদ্বাজে কয় যে দণ্ডাধীশ আদালতে নিয়ম অনুসৰণ কৰি কংগনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। আদালতে এতিয়া কংগনাৰ আবেদন খাৰিজ কৰিছে।
