এতিয়া ক্ষোভৰ উদ্গীৰণ ঘটিছে মাজুলীত। কালি নিমাতী ঘাটত শোকাবহ ঘটনাৰ পিছতে মাজুলীবাসীৰ ৰোষত পৰিছে মন্ত্ৰী-নেতা। আজি মাজুলীত পৰিস্থিতিৰ বুজ লৈ উভতি অহাৰ পথতে ৰাইজৰ ৰোষৰ সন্মুখীন হবলগা হয় মন্ত্রী বিমল বৰা।
মাজুলীৰ ৰঙাচাহী কলেজৰ শিক্ষাৰ্থী, বিভিন্ন দল-সংগঠনৰ লগতে মাজুলীবাসীয়ে মন্ত্ৰীজনৰ বাট আগুচি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আজিলৈকে মাজুলীত এখন দলং কিয় নিৰ্মান নহল বুলি মন্ত্ৰীজনৰ সন্মূখীতে ক্ষোভ উজাৰে প্ৰতিবাদী জনতাই।
উল্লেখ্য যে, কালি নিমাতী ঘাটত দুখন ফেৰীৰ মাজত সংঘটিত হৈছিল সংঘৰ্ষ। যাৰ ফলত এখন ফেৰী লুইতৰ বুকুত ডুবি যায়। এই ঘটনাত ৰঙাচাহী কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসে অকাল মৃত্যুক সাৱটি লবলগীয়া হয়। বৰ্তমানেও দুজন লোক নিৰুদ্দেশ হৈ আছে।
