নগাঁৱৰ কাটিমাৰীস্থ চিআৰপিএফ কেম্পত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। দুজন চিআৰপিএফ জোৱানৰ মাজত সংঘটিত গুলিয়াগুলিত নিহত হয় বিজয় কুমাৰ মিশ্ৰ নামৰ জোৱানজন। এই ঘটনাত আহত হৈছে আন এগৰাকী জোৱান প্ৰাঞ্জল দত্ত।
জানিব পৰা মতে, বুধবাৰে নিশা কৰ্তব্য সামৰি নিজৰ অস্ত্ৰ জমা দিবলৈ গৈছিল বিজয় মিশ্ৰ নামৰ জোৱানজনে। সেইসময়ত অস্ত্ৰাগাৰৰ দায়িত্বত আছিল প্ৰাঞ্জল দত্ত নামৰ জোৱানগৰাকী। মিশ্ৰই নিজৰ ৰাইফলৰ এটা মেগজিন জমা নিদিয়াক লৈ প্ৰাঞ্জল দত্তৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়। ইয়াৰ পিছতে বিজয় মিশ্ৰ নামৰ জোৱানজনে প্ৰাঞ্জল দত্তলৈ গুলীচালনা কৰে। ফলত প্ৰাঞ্জল দত্ত ভৰিত গুলীবিদ্ধ হয়। ইয়াৰ পিছতে নিজৰ ইনচাছ ৰাইফলৰে বিজয় মিশ্ৰই নিজৰ মূৰত গুলী কৰি আত্মহত্যা কৰে।
ইতিমধ্যে, আহত প্ৰাঞ্জল দত্তক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আহত প্ৰাঞ্জল দত্তৰ ঘৰ যোৰহাটত হোৱাৰ বিপৰীতে নিহত বিজয় মিশ্ৰৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত CRPFৰ IGP পৰ্যায়ৰ বিষয়াৰ লগতে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰা উপস্থিত হৈ ঘটনাৰ বুজ লয়।
