বীৰভূম কাণ্ডৰ তদন্ত কৰিব চিবিআইয়ে, নিৰ্দেশ আদালতৰ…

117

ৰাজনৈতিক অস্থিৰতাই উত্তাল ৰূপ ধাৰণ কৰা পশ্চিমবংগৰ বীৰভূম কাণ্ডৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰিছে কলকাতা উচ্চ ন্যায়ালয়ে।

এগৰাকী উপ-প্ৰধানৰ মৃত্যুক লৈ সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত ইতিমধ্যে বীৰভূমত প্ৰাণ হেৰুৱাইছে শিশু-মহিলাসহ ১১ জনকৈ লোকে।

ঘটনাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ লগতে পশ্চিমবংগৰ আইন-প্ৰশাসনৰ ওপৰতো আঙুলি উঠিছে। এনে পৰিস্থিতিত কলকাতা উচ্চ ন্যায়ালয়ে এক শুনানি গ্ৰহণ কৰি বীৰভূম কাণ্ডৰ তদন্ত কৰিবলৈ চিবিআইক নিৰ্দেশ দিয়ে।

আদালতে পশ্চিমবংগ চৰকাৰৰ বিশেষ অনুসন্ধানকাৰী দলক কেন্দ্ৰীয় তদন্ত সংস্থাক সন্দেহজনক লোকসকলক আটক কৰিবলৈ নিৰ্দেশ দিয়ে।

ইফালে চিবিআইৰ মুখ্য ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু ন্যায়াধীশ আৰ ভৰদ্বাজক লৈ গঠিত এই বীচাৰপীঠে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ৭ এপ্ৰিলৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।