ঘূৰ্ণীবতাহ ‘আমফান’ক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট

86

ষ্টাফৰিপোৰ্টাৰ, ১৬ মে’ : ঘূৰ্ণীবতাহ ‘আমফান’ক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰৰ আশংকা মতে শনিবাৰে এই ঘূৰ্ণীবতাহে বংগোপসাগৰৰ ওপৰ এলেকা আৰু দক্ষিণ আন্দামান সাগৰৰ সমীপত নিম্ন চাপৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত ওড়িশা আৰু আশে–পাশে থকা এলেকাত শনিবাৰে সন্ধিয়া ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰাৰ আশংকা আছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই ঘূৰ্ণীবতাহজাক শক্তিৰে আগবাঢ়িলে ১৭মে’লৈকে উত্তৰ–পূৱলৈকে আগবাঢ়িব আৰু তাৰ পিছত উত্তৰ–পশ্চিমৰ দিশলৈ যাব। এই সময়ত বতাহৰ গতিবেগ ঘণ্টাত ৫৫–৬৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’ব পাৰে। এই গতিবেগ বৃদ্ধি পাই ৭৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’ব পাৰে। বতৰ বিজ্ঞান কেন্দ্ৰই ওড়িশাৰ উপকূলীয় এলেকাত এলাৰ্ট জাৰি কৰিছে, লগতে পশ্চিম বংগ, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰতো অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। উপকূলীয় ঠাইসমূহত ধুমহা–বৰষুণৰ আশংকা আছে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই মাছমৰীয়াসকলক সমুদ্ৰৰ পাৰলৈ নাযাবলৈ পৰামৰ্শ দিছে। লগতে আন্দামান–নিকোবৰ দ্বীপপুঞ্জ সহ বহু ঠাইত মূষলধাৰ বৰষুণৰ আগজাননী দিয়া হৈছে।