ৰূপহীহাটৰ কাঠপাৰাত পাশৱিক, অমানৱীয়, নিৰ্লজ্জ, জঘন্য ধৰ্ষণ কাণ্ড। ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাঠপাৰাত ১৩ বছৰীয়া নাবালিকা ছাত্ৰীক উপৰ্যপূৰি ধৰ্ষণ কৰাৰ অভিযোগ পাষণ্ড শিক্ষক হাফিজুৰ ৰহমানৰ বিৰুদ্ধে। আলজামিয়াতুল আৰবীয়া কাঠপাৰা মাদ্ৰাছাতুল বান্নাতত সংঘটিত হৈছে জঘন্য ধৰ্ষণ কাণ্ড। মাদ্ৰাছাৰ শিক্ষক হাফিজুৰ ৰহমানে নাবালিকা কিশোৰী গৰাকীৰ মুখবান্ধি উৰে নিশা ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। যোৱা বৃহস্পতি বাৰে নিশা এই ঘটনা সংঘটিত হৈছিল যদিও কিশোৰী গৰাকীৰ ৰক্তক্ষৰণ হোৱাত পোহৰলৈ আহে এই জঘন্য ঘটনা। আজি ঘটনাৰ খবৰ পায় উত্তেজিত ৰাইজৰ লগতে ছাত্ৰী সকলকৰ অভিভাৱকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি লণ্ড ভণ্ড কৰে বান্নাত মাদ্ৰাছা গৃহ। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰাৰ লগতে আটক কৰে লম্পট শিক্ষক হাফিজুৰ ৰহমানসহ প্ৰধান শিক্ষক মফিদুল ইছলামক । সম্প্ৰতি অভিযুক্তক আৰক্ষীয়ে সুধপোচ কৰি তদন্ত আৰম্ভ কৰে। ইফালে লম্পট শিক্ষক হাফিজুৰ ৰহমানক উচিত শাস্তিৰ দিবলৈ ভুক্তভোগী পৰিয়ালৰ লোকে প্ৰশাসনক কাতৰ আহ্বান জনাই ।
Latest article
ব্যতিক্ৰমৰ উদ্যোগত ত্ৰিপুৰাত অনুষ্ঠিত ‘ব্যতিক্রম এডোকেচন কনক্লেভ ২.০’ ৰ সফল সমাপ্তি
ব্যতিক্রম উদ্যোগত আয়োজিত আগৰতলাৰ হোটেল প'লো টাৱাৰত ব্যতিক্রম এডুকেশান কনক্লেভ২.০ ৰ সফল সমাপ্তি হ'য়। প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাত আয়োজিত এই কনক্লেভত ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন...
আৰণ্যকৰ ওৰাঙৰ পৰা ৰাইমনালৈ “ৰাইড্… ফৰ্… কনজাৰভেশ্যন” চাইকেল ৰেলী
দেশৰ অন্যতম অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ ৩৫ বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাত সাধাৰণ ৰাইজৰ অংশগ্ৰহণৰ নিশ্চিত কৰাৰ বাৰ্তা...
ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ত চৰ্চিত এনইএছএফবি, ফিনটেক ক্ষেত্ৰখনত অসমৰ উত্থানৰ প্ৰদৰ্শন
অসমৰ প্ৰথম ইউনিকৰ্ণ আৰু ভাৰতৰ অগ্ৰণী ফিনটেক চালিত বেংক নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)-এ ৩-৫ এপ্ৰিলৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ত...