হায়াত হাস্পতালে শতাধিক ক’ভিড ৰোগীৰ চিকিৎসা কৰি তেওঁলোকক আৰোগ্য কৰি ঘৰলৈ পঠিয়াবলৈ সক্ষম হৈছে

80

ষ্টাফৰিপৰ্টাৰ, সমগ্ৰ ৰাজ্যতে ক’ভিড ৰোগীৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাবলৈ লৈছে। বৰ্ধিত ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে ব্যক্তিগত খণ্ডৰ হাস্পতাল সমূহক ক’ভিড পৰীক্ষা আৰু ক’ভিড ৰোগীক চিকিৎসা প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ সময়তে মহানগৰীৰ হায়াত হাস্পতালে শতাধিক ক’ভিড ৰোগীৰ চিকিৎসা কৰাই নহয়, তেওঁলোকক আৰোগ্য কৰি ঘৰলৈ পঠিয়াই দিবলৈও সক্ষম হৈছে। ক’ভিড ৰোগীৰ বাবে সুখবৰ কঢ়িয়াই অনা এই তথ্য প্ৰকাশ কৰিছে হায়াত হাস্পতালৰ মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্তই । তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি সাধাৰণ ৰোগীৰ নিৰাপত্তাৰ কথা বিবেচনা কৰি আইছ’লেচন ৱাৰ্ড আৰু ক’ভিড ৱাৰ্ড দুচা সম্পূৰ্ণ পৃথক কৰা হৈছে। আনকি ক’ভিড ৰোগীৰ প্ৰৱেশ আৰু প্ৰস্হানৰ ক্ষেত্ৰতো বিশেষ সতৰ্কতা অৱলম্বন কৰা হয়। আন ৰোগী বা তেওঁলোকৰ অভিভাৱকক সংক্ৰমণমুক্ত কৰি ৰাখিবলৈ হাস্পতালখন বিধিসন্মতভাৱে ছিনেটাইজ কৰা হয়। উত্তৰ-পূব ভাৰতত শতাধিক কৰ’না ৰোগীক নিৰাময় কৰা হায়াত হাস্পতালেই হ’ল ব্যক্তিগত খণ্ডৰ একমাত্ৰ হাস্পতাল। এই তথ্য সদৰী কৰি মহাপ্ৰবন্ধক দত্তই কয় যে এই অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হোৱা হায়াত হাস্পতালৰ চিকিৎসক – চিকিৎসাকৰ্মীৰ লগতে ব্যৱস্থাপনা বিভাগো সন্তুষ্ট।