ধন নিদিলে আচামী নধৰে এজন আৰক্ষী বিষয়াই

269

ধন নিদিলে আচামী নধৰে এজন আৰক্ষী বিষয়াই। উল্লেখযোগ্য যে বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুছ ছামাদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এগৰাকী অপহৃত কিশোৰীৰ পিতৃৰ। অপহৃত কিশোৰীক উদ্ধাৰ কৰাৰ লগতে অপহৰনকাৰীক গ্ৰেপ্তাৰ কৰাৰ নামত ভুক্তভোগী পৰিয়ালৰ পৰা ১২ হাজাৰ টকা লোৱাৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে। কোকিলা মৌলবীপাৰাৰ শ্বফি ভূঞাৰ দশম শ্ৰেণীত অধ্যয়নৰত ১৬ বছৰীয়া কিশোৰীক গাওঁখনৰে শ্বাহ কামালৰ বিবাহিত পুত্ৰ আনোৱাৰ হুছেইনে যোৱা এমাহ আগত অপহৰন কৰি লৈ যায় ।ঘটনা সংক্ৰান্তত ভুক্তভোগী পৰিয়ালে কোকিলা আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰিছে যদিও আজিলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কোকিলাৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুছ ছামাদে অপহৃত কিশোৰীক উদ্ধাৰৰ নামত ভুক্তভোগী পৰিয়ালৰ পৰা জোৰ কৰি ১২ হাজাৰ টকা লোৱাৰ অভিযোগ। ভুক্তভোগীৰ পৰা ধন লোৱা আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ লগতে অপহৃত কিশোৰীক উদ্ধাৰ কৰিবলৈ আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে।