শিক্ষক নিযুক্তি কেলেংকাৰীঃ মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ

122

পশ্চিম বংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীক আজি ইডিয়ে ৰাজ্যত সংঘটিত হৈ থকা শিক্ষক নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰে। মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ সহায়কৰ পৰা ২০ কোটি টকা উদ্ধাৰ কৰাৰ কেইঘণ্টামান পিছতে গ্ৰেপ্তাৰ কৰা হৈছে।

নগদ ধনখিনি উদ্ধাৰ কৰাৰ পিছতে গোটেই নিশা তৃণমূল নেতাগৰাকীক সোধা-পোছা কৰা হয়। সোধা-পোছাৰ সময়ত চেটাৰ্জীয়ে তদন্তকাৰীৰ সৈতে সহযোগিতা কৰা নাছিল যাৰ ফলত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি চৰকাৰী সূত্ৰই জনায়।

এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, “পাৰ্থ চেটাৰ্জীক নিশাটোৰ ভিতৰতে জেৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল। সোধা-পোছাৰ সময়ত চেটাৰ্জীয়ে অসুস্থতাৰ অভিযোগ কৰিছিল যাৰ পিছত তদন্তকাৰীয়ে দুজন চিকিৎসক আনি তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱায়। চিকিৎসকে সুস্থ বুলি কোৱাৰ পিছতে পুনৰ সোধা-পোছা আৰম্ভ কৰা হয়।”

সূত্ৰটোৱে লগতে জনোৱা মতে, তদন্তকাৰী সংস্থাটোৱে কথিত নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ আদালতৰ সন্মুখত তেওঁক জিম্মাত বিচাৰিব।

এই শিক্ষক নিযুক্তি কেলেংকাৰী সংঘটিত হোৱাৰ সময়ত ৰাজ্যৰ শিক্ষা মন্ত্ৰীৰ দায়িত্বত আছিল বৰ্তমান উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেটাৰ্জী।

ইডিয়ে শুকুৰবাৰে পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জী নামৰ এগৰাকী মডেলৰ টলিগঞ্জস্থিত বাসগৃহৰ পৰা নগদ ২০ কোটি টকা উদ্ধাৰ কৰে।

তদন্ত সংস্থাটোৱে এক বিবৃতিত কয় যে উক্ত ধনৰাশি উক্ত এছ এছ চি কেলেংকাৰীৰ অপৰাধৰ পৰা পোৱা ধন বুলি সন্দেহ কৰা হৈছে।

অৰ্পিতা মুখাৰ্জীৰ চৌহদৰ পৰা উদ্ধাৰ হৈছে ২০ টাতকৈও অধিক মোবাইল ফোন।

ইডিৰ বাহিৰেও এই অভিযুক্ত কেলেংকাৰীৰ তদন্ত কৰি আছে চিবিআইয়ে। ইডিয়ে কেলেংকাৰীৰ ধনৰ ট্ৰেইলৰ ওপৰত চকু ৰাখি থকাৰ সময়তে চিবিআইয়ে ৰাজ্যিক পৃষ্ঠপোষকতাত আৰু সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহত গ্ৰুপ-চি আৰু ডিৰ কৰ্মচাৰী আৰু শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত হোৱা অভিযোগৰ অনিয়মৰ তদন্ত কৰি আছে।

পশ্চিম বংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছে এয়া বিজেপিৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। অইন ৰাজ্যৰ চৰকাৰ ভাঙি পেলোৱাৰ দৰে পশ্চিম বংগতো ইডি, চিবিআই আদি তদন্তকাৰী সংস্থাৰ ক্ষমতা প্ৰয়োগ কৰি চৰকাৰ ভংগ কৰাৰ অভিসন্ধি ৰচিছে বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ তোলে তৃণমূল কংগ্ৰেছে।