ছেম ষ্টেফৰ্ড হত্যাকাণ্ড গোচৰত বিশেষ ডিজিপি জিপি সিঙক দোষমুক্ত ঘোষণা আদালতৰ

317

গুৱাহাটীৰ স্থানীয় আদালতে ছেম ষ্টেফৰ্ডৰ হত্যাকাণ্ডৰ গোচৰত অসমৰ বিশেষ ডিজিপি (আইন আৰু শৃংখলা) জিপি সিঙক দোষমুক্ত কৰিছে।

কামৰূপ (মেট্ৰ’)ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে প্ৰমাণৰ অভাৱত শনিবাৰে অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়াগৰাকীক দোষমুক্ত কৰে।

অসম আৰক্ষীয়ে তদন্তৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে ছেম ষ্টেফৰ্ডৰ মৃত্যুত জি পি সিঙৰ জড়িত থকাৰ কোনো প্ৰমাণ পোৱা নাই।

২০১৯ চনৰ ১২ ডিচেম্বৰত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদৰ সময়ত গুৱাহাটীৰ হাতীগাঁও অঞ্চলত আৰক্ষীৰ গুলীচালনাত মৃত্যু হয় ১৭ বছৰীয়া ছেম ষ্টেফৰ্ডৰ।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি তেওঁৰ ওপৰত দুবাৰকৈ গুলী চলাইছিল আৰক্ষীয়ে।

গুৱাহাটীৰ লতাশিলত আছুৱে ‘কা’ৰ বিৰুদ্ধে আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীৰ পৰা উভতি আহিছিল ছেম ষ্টেফৰ্ড।

ছেমৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো দেখা গৈছে যে তেওঁ মূৰত জোৰেৰে আঘাতপ্ৰাপ্ত হৈছিল।

আদালতত দাখিল কৰা আৰক্ষীৰ তদন্তৰ প্ৰতিবেদন অনুসৰি ছেমৰ শৰীৰত গুলীৰ আঘাত আছিল যদিও তেওঁক গুলীয়াই হত্যা কৰা ব্যক্তিজনৰ চিনাক্তকৰণ হোৱা নাই।

আদালতে ছেম ষ্টেফৰ্ডৰ পৰি্য়ালক ক্ষতিপূৰণ দিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে।

আদালতে নিৰ্দেশ দিয়ে যে অপৰাধমূলক কাৰ্য্যবিধিৰ ৩৫৭এ ধাৰাত ভুক্তভোগী ক্ষতিপূৰণ আঁচনি অনুসৰি ক্ষতিপূৰণ আদায় দিব লাগে।