মিজোৰামত পেট্ৰ’লভৰ্তি টেংকাৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু, ১৮ জন আহত

5648

শনিবাৰে সন্ধিয়া মিজোৰামৰ আইজল জিলাত এখন পেট্ৰ’ল টেংকাৰত জুই লাগি বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৮ জন আহত হয়।

ৰাজ্যৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ পূবে অৱস্থিত টুইৰিয়াল গাঁৱত, শনিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয় এই ঘটনা।

খবৰ অনুসৰি, টেংকাৰখন চম্পাই অভিমুখে গৈ থকা বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পিছতে আটাইকেইজন আহত লোকক টুইৰিয়াৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় য’ত তেওঁলোকে বৰ্তমান চিকিৎসা সেৱা গ্ৰহণ কৰি আছে।

খবৰ অনুসৰি,দুখন ২ চকীয়া বাহন আৰু এখন চাৰিচকীয়া টেক্সিও এই ঘটনাত ক্ষতিগ্ৰস্ত হয়।

অৱশ্যে বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে।