কাটাৰত ভাৰতীয় নৌসেনাৰ প্ৰাক্তন জোৱানক মৃত্যুদণ্ডৰ শাস্তিৰ বিৰুদ্ধে ভাৰতৰ আবেদন। কাটাৰ আদালতত এই আবেদন দাখিল কৰা হৈছে। বৈদেশিক মন্ত্ৰালয়ে জনোৱা মতে, সকলো আইনী দিশ বিবেচনা কৰি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নতুন দিল্লীয়ে কাটাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে।
ভাৰতীয় নৌসেনাৰ প্ৰাক্তন ৮ গৰাকী কমাণ্ডাৰক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে কাটাৰ আদালতে। ইজৰাইলৰ সপক্ষে কাম কৰাৰ অভিযোগ উত্থাপন হৈছে এই ৮ গৰাকী ভাৰতীয়ৰ বিৰুদ্ধে। ২০২২ চনৰ আগষ্ট মাহত ৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰাই অভিযুক্ত ভাৰতীয়ক কাটাৰৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। যোৱা মাহত নিম্ন আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।
বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰালয়ে কয় যে কাটাৰ আদালতে দিয়া সিদ্ধান্তক লৈ ভাৰতীয় আইনী দলৰ সৈতে আলোচনা কৰা হৈছে। সকলো আইনী দিশ বিবেচনা কৰি মন্ত্ৰালয়ে আবেদন দাখিল কৰে। কাটাৰৰ সৈতে যোগাযোগ বজাই ৰখা হৈছে। শাস্তিপ্ৰাপ্তসকলৰ পৰিয়ালৰ সৈতেও যোগাযোগ আছে চৰকাৰৰ।
নতুন দিল্লীয়ে পুনৰ আশ্বাস দিছে যে কাটাৰৰ আঠজন প্ৰাক্তন নৌসেনা সেনাধ্যক্ষক সম্ভৱপৰ পৰিমাণে আইনী আৰু কনছুলাৰ সহায় আগবঢ়োৱা হ’ব। কিন্তু এই গোচৰৰ গুৰুত্ব আৰু স্পৰ্শকাতৰ স্বৰূপটো মনত ৰাখি বৈদেশিক মন্ত্ৰালয়ে এই বিষয়ত বেছিকৈ জল্পনা-কল্পনা নকৰিবলৈ অনুৰোধ জনাইছে।
মৃত্যুদণ্ড পোৱা নৌসেনাৰ প্ৰাক্তন বিষয়াসকল হ’ল কেপ্তেইন নৱতেজ সিং গিল, কেপ্তেইন বীৰেন্দ্ৰ কুমাৰ বাৰ্মা, কেপ্তেইন সৌৰভ বছিৰ, কমাণ্ডাৰ অমিত নগৰপাল, কমাণ্ডাৰ পূৰ্ণেন্দ্ৰ তিৱাৰী, কমাণ্ডাৰ সুগুনাকৰ পাকলা, কমাণ্ডাৰ জডজিব বকা আৰু নাৱিক ৰাজেশ। এই আঠজন অৱসৰপ্ৰাপ্ত নৌসেনা বিষয়াই কাটাৰ সেনাক প্ৰশিক্ষণ দিয়াত নিয়োজিত ব্যক্তিগত সংস্থা এটাত কাম কৰি আছিল।
কাটাৰৰ উচ্চ ন্যায়ালয়ত মৃত্যুদণ্ডৰ বিৰুদ্ধে আবেদন কৰিবৰ বাবে নিয়ম আছে। ভাৰত চৰকাৰেও একে ধৰণে আবেদন কৰিছিল। কোনো আবেদন দাখিল নকৰিলে নিম্ন আদালতৰ সিদ্ধান্ত কাৰ্যকৰী হ’লহেঁতেন। কাটাৰৰ ৰজাৰ আদালততো শাস্তি পোৱাসকলৰ পৰিয়ালৰ হৈ এক সুকীয়া আৱেদন দাখিল কৰা হৈছে।