গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত সুন্দৰবড়ীত জেচমিন খাতুন নামৰ মহিলা এগৰাকীৰ ঘৰৰ পৰা কৌশলৰে সোণৰ অলংকাৰ লুট কৰি নিয়া দুই প্ৰবঞ্চকক আজি অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জালুকবাৰী আৰক্ষীয়ে । এই সন্দৰ্ভত ভুক্তভোগী জেচমিন খাতুনে জালুকবাৰী আৰক্ষী চকীত দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি দুজন অচিনাকি লোক তেওঁলোকৰ ঘৰলৈ আহি মাতৃ বেগম বেবী আৰু আন এগৰাকী মহিলা বাৰিয়া বেগমৰ ভৰিৰ বিষ ভাল কৰাৰ অচিলাৰে কাষ চাপে। তেওঁলোকে মহিলা দুগৰাকীক কোনো অচিনাকি দ্ৰব্য খুৱাই অচেতন কৰি পেলায়। এই সুযোগ গ্ৰহণ কৰি দুয়োজনে মহিলা দুয়োগৰাকী মহিলাই পিন্ধি থকা সোণৰ আ-অলংকাৰ লুট কৰি পলায়ন কৰে।
পাছত জালুকবাৰী আৰক্ষীয়ে তদন্ত কৰি সন্দেহযুক্ত দুৰ্বৃত্তই ব্যৱহাৰ কৰা ম’বাইল নম্বৰৰ পি টি এল (PTL) ৰ ওপৰত ভিত্তি কৰি সন্দেহযুক্ত লোক দুজনক কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত আগিয়াঠুৰীৰ বাসিন্দা বুলি চিনাক্ত কৰিবলৈ সক্ষম হয়। সেই অনুসৰি আজি পুৱাৰ ভাগত জালুকবাৰী আৰক্ষী চকীৰ এটা আৰক্ষীৰ এটা দল আগিয়াঠুৰীত উপস্থিত হৈ হাজো আৰক্ষীৰ সহযোগত এজন অভিযুক্ত হাৰান আলীক নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। জেৰাৰ সময়ত হাৰান আলীয়ে চুৰিকাৰ্যত জড়িত থকাৰ কথা স্বীকাৰ কৰে আৰু চুৰি কৰা সোণৰ আ-অলংকাৰসমূহ বিক্ৰী কৰা বুলি প্ৰকাশ কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে এযোৰ সোণৰ কাণফুলি, এযোৰ সোণৰ ইয়াৰ-টপ আৰু খাৰুত ব্যৱহাৰ কৰা তিনি টুকুৰা সোণ উদ্ধাৰ কৰে।
এই আ-অলংকাৰসমূহ হাজোৰ বুল্লুটত থকা মামা-ভাগিন জুৱেলাৰীত ৫০,০০০ টকাৰ বিনিময়ত বৰপেটা জিলাৰ মুন্দিয়া আৰক্ষী থানাৰ অন্তৰ্গত সত্ৰ কনৰাৰ সমেজ উদ্দিনৰ পুত্ৰ বাবুল আহমেদক বিক্ৰী কৰা বুলি স্বীকাৰ কৰে । ইয়াৰ লগতে, অভিযুক্ত হাৰান আলীৰ পৰা চুৰি সামগ্ৰী বিক্ৰী কৰি পোৱা ধনৰ সৈতে সম্পৰ্ক থকা ৩০,০০০ টকা নগদ ধন উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে অভিযানত চুৰি সোণ ক্ৰয় কৰা বাবুল আহমেদক গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি জালুকবাৰী আৰক্ষী চকীত দুয়োজনকে অধিক তথ্য বাবে জেৰা কৰি থকা আছে।
