বজালী জিলাত নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ কাৰ্যসূচী

288

ভাৰতৰ সাধাৰণ নিৰ্বাচন ২০২৪ ৰ অংশ ৰূপে অহা ৭ মে তাৰিখে অসমৰ বজালী নিৰ্বাচনী জিলাৰ অধীনৰ দুয়োটা সমষ্টিত ভোট সংগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে বজালী জিলাত ভোটগ্ৰহণকাৰী বিষয়া সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে।

৪ এপ্ৰিলত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে ৫৬৯ গৰাকী দ্বিতীয় আৰু৫৬৯ গৰাকী তৃতীয় পোলিং বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় বুলি বজালী নিৰ্বাচনী জিলাৰ কৰ্মচাৰী কোষৰ পৰা জানিব পৰা গৈছে।

বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসৰ নেতৃত্বত আৰু কৰ্মচাৰী কোষৰ মূৰব্বী বিষয়া ডা: আশ্ৰাফুল আমিন আৰু কোষৰ আন বিষয়া সকলৰ তত্বাৱধানত মুঠ ৪৯ গৰাকী প্ৰশিক্ষকে স্থানীয় ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত পৰ্যায় ক্ৰমে নিৰ্বাচনী কৰ্তব্যত নিয়োজিত হ’ব লগা উল্লিখিত বৃহৎ সংখ্যক বিষয়াক ভোট গ্ৰহণ, ই ভি এম চালনা আদি বিষয়ত খৰচি মাৰি শিক্ষা প্ৰদান কৰে।