ভূপেন হাজৰিকা হুবহু ভেশ প্ৰদৰ্শন কৰা অমূল্য কলিতাৰ মৃত্যু

958

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ দুই নম্বৰ জীয়াকুৰৰ অমূল্য কলিতা নামৰ এগৰাকী শিল্পীৰ কিছুদিন পূৰ্বে গুৱাহাটীৰ গুড হেল্থ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

দীর্ঘদিন ধৰি হাঁওফাঁও, হৃদযন্ত্র আৰু বৃক্কৰ ৰোগত ভুগি থকা অমূল্য কলিতা অতি সহজ-সৰল ব্যক্তি আছিল।

দক্ষিণ কামৰূপৰ কুকুৰমাৰা, ছয়গাঁও, বকো, আমতলা, আমতলা সত্ৰ, জীয়াকুৰ, ভাঠি জীয়াকুৰ, বৰটাৰী, ৩ নং আমতলা আদি অঞ্চলত এইগৰাকী শিল্পীয়ে বিহু নচাৰ লগতে বিহুৰ প্ৰশিক্ষণো দিছিল।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫ বছৰ। কলিতাই মৃত্যুৰ সময়ত পত্নী আৰু এটি কণমানি পুত্র সন্তান এৰি থৈ যায়।

কলিতাৰ মৃত্যুত ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱ, কুকুৰমাৰাৰ প্ৰভাতী সূৰুয নাট্য গোষ্ঠী, ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুলৰ ১৯৯৫ চনৰ ছাত্ৰ-ছাত্ৰীসকল,গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নৱজ্যোতি তালুকদাৰৰ লগতে বহু লোকে শোক প্রকাশ কৰে।