এইবাৰৰ ৰঙালীয়েও ধাৰণ কৰিছে কঙালীৰ বেশ! অসমীয়া সংগীতৰ ভোটাতৰা জুবিন গাৰ্গবিহীন প্ৰথমটো ব’হাগত যেন শূন্যতাই বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত। ৰঙালী বুলি ক’লেই গাত উছাহৰ ধল অনুভৱ কৰা প্ৰতিজন অসমীয়াৰ মনত এইবাৰৰ বিহুৱে সিঁচি দিছে বিশাল শূন্যতা। আগৰ দৰে এইবেলিৰ বিহু মঞ্চত নুঠিব প্ৰাণৰ শিল্পীৰ সংগীতৰ লহৰ। এইবাৰ দেখা নাযাব জুবিন প্ৰেমীৰ উন্মাদ ‘বোকা নৃত্য’ও! যোৱাটো বছৰৰ অভিশপ্ত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত চিৰবিদায় লোৱা মহানায়কৰ স্মৃতিয়ে আজিও ব্যথিত কৰি ৰাখিছে প্ৰতিজন জুবিন অনুৰাগীক।
কেৱল মঞ্চৰ গায়ক বুলিয়েই নহয়, বিহুৰ সুৰক এক অনন্য মাত্ৰা প্ৰদান কৰা জুবিন গাৰ্গ আছিল আধুনিক অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। গাঁৱৰ ধূলিয়ৰি বাটৰ পৰা চহৰৰ বিশাল মঞ্চলৈকে তেওঁৰ গীতৰ তালে তালে নাচি উঠিছিল ডেকা-গাভৰু তথা আবাল-বৃদ্ধ-বনিতা। পৰম্পৰাগত ৰীতি-নীতিৰে গৰু বিহু পালন কৰিলেও বহু আয়োজকে শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই আয়োজন কৰিছে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। জুবিনৰ কালজয়ী বিহু গীতসমূহ এতিয়াও স্পীকাৰত বাজি উঠিছে। কিন্তু সেই গীতৰ আঁৰৰ মানুহজনক বিচাৰি এতিয়া ব্যাকুল হৈ পৰিছে অনুৰাগীৰ মন।
উল্লেখ্য যে, ৰঙালী বিহুৱে নতুনত্ব আৰু আশাৰ বতৰা কঢ়িয়াই আনে। কিন্তু এইবাৰৰ বিহু বহু অসমীয়াৰ বাবে হৈ পৰিছে এক গভীৰ বিষাদৰ উৎস। বিহুৰ অনুষ্ঠানসমূহৰ মাজতে হোৱা কথা-বতৰাত এতিয়া কেৱল জুবিনৰ স্মৃতিকথাই ঠাই পাইছে। শিল্পীগৰাকীৰ আদৰ্শ আৰু তেওঁৰ সংগীতৰ বিৰাট উত্তৰাধিকাৰ অসমীয়াৰ বুকুত সদায় সজীৱ হৈ থাকিব। তেওঁৰ কণ্ঠ বিহুৰ বতৰত চিৰদিনৰ বাবে প্ৰতিধ্বনিত হ’ব। প্ৰতিজন অসমীয়াই মৰ্মে মৰ্মে অনুভৱ কৰিছে এইবাৰৰ ৰঙালীত জুবিনৰ সেই শাৰীৰিক শূন্যতা।
