প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত নিষেধাজ্ঞা আৰোপৰ ভাবুকিয়ে ওলোটাইহে ক্ষতি কৰিব। এই মন্তব্য প্ৰকাশ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। শুকুৰবাৰে অনুষ্ঠিত চেইণ্ট পিটাৰ্চবাৰ্গ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক সন্মিলনত এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। বৃহস্পতিবাৰে নিশা পিটিআইকে ধৰি বিশ্বৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকলৰ সৈতে হোৱা এক বাৰ্তালাপৰ প্ৰসংগ টানি আনি নতুন দিল্লীৰ কৌশলগত স্থিতি সন্দৰ্ভত নিজৰ মতামত স্পষ্ট কৰে পুটিনে।
ভাৰতে সদায় এখন সাৰ্বভৌম দেশ হিচাপে কাম কৰে বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতি পুটিনে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দীৰ্ঘদিন ধৰি ঘনিষ্ঠ বাৰ্তালাপ অব্যাহত ৰখাৰ কথা উল্লেখ কৰি পূৰ্বতে ভাৰতীয় নেতাজনক আমেৰিকাত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা সময়ছোৱাকো স্মৰণ কৰে তেওঁ। প্ৰধানমন্ত্ৰী মোদীয়ে এই ঐতিহাসিক কথা কেতিয়াও নাপাহৰে বুলি সদৰী কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। সম্প্ৰতি তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত সকলো পুৰণি নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে আৰু আমেৰিকা তথা ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক সফলতাৰে বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে পুটিনে।
ৰাছিয়াৰ ছুখয়-৫৭ বিমান বা এছ-৫০০ বিমান প্ৰতিৰক্ষা ব্যৱস্থাৰ দৰে অত্যাধুনিক সামৰিক সঁজুলি ক্ৰয় কৰিলে ভাৰতে আমেৰিকাৰ নিষেধাজ্ঞা লাভ কৰিব পাৰে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰো প্ৰদান কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ আৰু নিজৰ বাবে আটাইতকৈ আধুনিক, উপযোগী তথা সঠিক মূল্যৰ সামগ্ৰী বাছনি কৰাৰ সম্পূৰ্ণ স্বাধীনতা দেশখনৰ আছে বুলি মন্তব্য কৰে তেওঁ। লোকে যিয়েই নকওক কিয়, ভাৰতে সদায় নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি আহিছে বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতি পুটিনে।
ৰাছিয়া আৰু ভাৰতৰ মাজৰ সহযোগিতা কোনো সাময়িক ৰাজনৈতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰা নাই বুলি স্পষ্ট কৰি দিয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে। কোনেও তেওঁলোকক একো নিৰ্দেশ দিব নোৱাৰে আৰু কোনেও তেনে কৰিবলৈ চেষ্টাও নকৰে বুলি দাবী কৰে পুটিনে। নিজৰ দৃষ্টিত যি শুদ্ধ, তাকেই সদায় কৰিব বুলি উল্লেখ কৰি ভাৰতৰ দৰে সহযোগী অংশীদাৰৰ প্ৰতি থকা দায়বদ্ধতা সদায় ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে। কেৱল ক্ৰয়-বিক্ৰয় বা বাণিজ্যতে সীমাবদ্ধ নাথাকি দুয়োখন দেশে যৌথ গৱেষণা আৰু প্ৰযুক্তিগত উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা ব্যক্ত কৰে তেওঁ।
পঞ্চম প্ৰজন্মৰ ষ্টেলথ যুদ্ধ বিমান ছুখয়-৫৭ সন্দৰ্ভত পূৰ্বতে ভাৰতৰ সৈতে এক যৌথ উন্নয়ন কাৰ্যসূচীৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰপতি পুতিনে। সেই পৰিকল্পনা কাৰ্যকৰী নোহোৱাত ৰাছিয়াই স্বতন্ত্ৰভাৱে এই সামৰিক প্ৰকল্প আগুৱাই লৈ যায় আৰু বৰ্তমান এই আধুনিক বিমানখন বিক্ৰী কৰিবলৈ সাজু থকাৰ কথা প্ৰকাশ কৰে তেওঁ। দশক দশক ধৰি ভাৰতৰ প্ৰাথমিক প্ৰতিৰক্ষা সৰবৰাহকাৰী হিচাপে কাম কৰে ৰাছিয়াই। অৱশ্যে ইউক্ৰেইন যুদ্ধৰ বাবে যোগান শৃংখলত হোৱা ব্যাঘাত আৰু সামগ্ৰী লাভ কৰাত হোৱা পলমৰ বাবে সামৰিক ক্ৰয় ৰণনীতি বহুমুখী কৰিবলৈ বাধ্য হৈ পৰিছে নতুন দিল্লী। দীৰ্ঘদিনীয়া সন্ধানৰ অন্তত ভাৰতে নিজাকৈ উচ্চস্তৰীয় যুঁজাৰু বিমান প্ৰকল্প আৰম্ভ কৰিছে। এই থলুৱা বিমানসমূহ ২০৩৫ বৰ্ষৰ পূৰ্বে ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা ক্ষীণ বাবে কাৰিকৰী দিশসমূহ পৰীক্ষা কৰি চৰকাৰে অন্তত দুটা স্কোয়াড্ৰন ছুখয়-৫৭ বিমান ক্ৰয় কৰাৰ বিষয়ে বিবেচনা কৰিছে।
