শনিবাৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গুৱাহাটীৰ লোক ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্যসকলক ‘স্নেহ মিলন’ নামৰ এক বাৰ্তালাপৰ বাবে আতিথ্য প্ৰদান কৰে।
মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ সৈতে হোৱা এই বাৰ্তালাপৰ অংশ হিচাপে ৰাজ্যপাল আচাৰ্যই ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত মত বিনিময় কৰে আৰু অসমৰ শান্তি, প্ৰগতি, সমৃদ্ধি আৰু সৰ্বাংগীণ উন্নয়নৰ বাবে সকলোৰে সামূহিক অংগীকাৰ পুনৰ দোহাৰে।
মুখ্যমন্ত্ৰী শৰ্মা আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলে এই বাৰ্তালাপ আয়োজনৰ বাবে ৰাজ্যপালক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু অসমৰ উন্নয়ন তথা ৰাজ্যবাসীৰ কল্যাণৰ হকে অহৰহ কাম কৰি যোৱাৰ অংগীকাৰ পুনৰ ব্যক্ত কৰে।
উল্লেখযোগ্য যে লোক ভৱনত (পূৰ্বৰ ৰাজভৱন) শপত গ্ৰহণৰ পিছত নতুন মন্ত্ৰী পৰিষদক আতিথ্য প্ৰদান কৰাৰ পৰম্পৰা আছিল। ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই পৰম্পৰা বন্ধ হৈ পৰিছিল। অৱশ্যে এইবাৰ ৰাজ্যপাল আচাৰ্যৰ বিশেষ উদ্যোগত পৰম্পৰাটো পুনৰ প্ৰৱৰ্তন কৰা হৈছে।
