কেন্দ্ৰীয় লোকসেৱা আয়োগ চমুকৈ ইউ পি এছ চিয়ে পৰিচালনা কৰা আৰু ৮ এপ্ৰিলৰ দিনা নিশা ঘোষিত নেশনেল ডিফেন্স একাডেমী ( এন ডি এ ) ৰ পৰীক্ষাত সুখ্যাতিৰে ৬৪ সংখ্যক স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে কামৰূপ জিলাৰ ৰঙিয়াৰ নিজ বৰিগোগ গাঁৱৰ গৌৰব গুঞ্জন কলিতাই।
গোৱালপাৰা সৈনিক স্কুলত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অধ্যয়নৰত কেডেট গৌৰৱ গুঞ্জন কলিতাই এতিয়া অহা জুন মাহৰ পৰা মহাৰাষ্ট্ৰৰ পুনেস্থিত নেশ্বনেল ডিফেন্স একাডেমীত আৰম্ভ হ’বলগীয়া এন ডি এৰ তিনিবছৰীয়া পাঠ্যক্ৰমত অধ্যয়ন কৰিব লাগিব।
তাৰ পৰা উত্তীৰ্ণ হোৱাৰ পাছত এজন কমিচনড্ বিষয়া হিচাপে গৌৰবে পোনে পোনে ভাৰতীয় সেনাৰ লেফটেনেন্ট পদত যোগদান কৰিব পাৰিব। আনহাতে কামৰূপ জিলাৰ ৰঙিয়াৰ সমীপৰ কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত গোপাল চন্দ্ৰ কলিতাৰ নাতি গৌৰৱৰ পিতৃ হল বিশিষ্ট ব্যৱসায়ী নৱ কলিতা আৰু মাতৃ হল গোৱালপাৰা জিলাৰ পৃথ্বীৰাজ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী কৰবী কলিতা।
