ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অভিযানৰ আৰম্ভণি লেহেমীয়া হোৱাৰ পিছত দেওবাৰে ৱানখেড়ে ষ্টেডিয়ামত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে খেলিলে মুম্বাই ইণ্ডিয়ানছে নিজৰ দুৰ্গত জয়ৰ পথলৈ ঘূৰি অহাৰ লক্ষ্য ল’ব। তেৰটা ছিজনৰ পিছত প্ৰথমবাৰৰ বাবে মুম্বাইয়ে আই পি এলৰ ছিজনত জয়লাভ কৰি আৰম্ভ কৰিছিল। দুসপ্তাহ পূৰ্বে ইয়াত কলকাতা নাইট ৰাইডাৰ্ছক ছয় উইকেটত পৰাস্ত কৰিছিল। কিন্তু তাৰ পিছত পাঁচবাৰৰ চেম্পিয়ন দলটোৱে নিজৰ গতি বজাই ৰাখিব নোৱাৰিলে আৰু আন স্থানত দুয়োখন মেচতে বৃহৎ ব্যৱধানত পৰাস্ত হোৱাৰ পিছত এতিয়া ৰান ৰেট (মাইনাছ ০.৭১৫)ৰ সৈতে অষ্টম স্থানত আছে। ৰোহিত শৰ্মাই অলপ সময়ৰ বাবে অৰেঞ্জ কেপ লাভ কৰিছিল যদিও মুম্বাইৰ বেটিং চিন্তাৰ বিষয় হৈয়েই আছে, আৰু আৰচিবিৰ দৰে শক্তিশালী প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে ইউনিট হিচাপে ভাল বেটিং কৰিব লাগিব।
মেচৰ সময় সীমিত হোৱাৰ পাছতো মুম্বাইৰ হৈ এতিয়ালৈকে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে ৰোহিতে, কিন্তু মধ্য ক্ৰমত ব্যৰ্থ হৈছে তিলক বৰ্মা আৰু সূৰ্য্যকুমাৰ যাদৱ। দিল্লী কেপিটেলছৰ বিৰুদ্ধে সূৰ্যকুমাৰে অৰ্ধশতক অৰ্জন কৰিছিল যদিও পৰৱৰ্তী মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ব্যৰ্থ হয়। অধিনায়ক হাৰ্দিক পাণ্ডিয়া এতিয়াও ফৰ্মত নাই। গুৱাহাটীৰ বেটিং অনুকূল খেলপথাৰত মুম্বাইৰ বেটছমেনে নিজৰ ফৰ্ম বিচাৰি হাবাথুৰি খাইছিল, আনহাতে ৰয়েলছৰ যশস্বী জয়ছৱাল আৰু বৈভৱ সূৰ্যবংশীয়ে আগ্ৰাসী ইনিংছ খেলিছিল। আনকি যশপ্ৰীত বুমৰাহৰ দৰে কিংবদন্তি বলাৰক থ্ৰেছ কৰি পাৱাৰপ্লেৰ মাত্ৰ ৩.২ অভাৰতে ৫৯ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ বাবে আন এটা বিকল্প হ’ল বাওঁহাতৰ স্পিনাৰ মিচেল ছাণ্টনাৰক অনা, আনহাতে ইংলেণ্ডৰ অলৰাউণ্ডাৰ উইল জেকছ এতিয়াও উভতি অহা নাই। মুম্বাই ভালদৰেই জানে যে পূৰ্বৰ মেচত পৰাস্ত হোৱাৰ পিছত আৰ চি বিয়ে পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব।
সূৰ্যবংশী আৰু ধ্ৰুৱ জুৰেলৰ উৎকৃষ্ট ইনিংছৰ বাবে ৰয়েলছে ৬ উইকেটত পৰাস্ত কৰে। বেটিং অনুকূল খেলপথাৰত আৰ চি বিৰ কেইবাজনো উৎকৃষ্ট বেটছমেন আছে। অধিনায়ক ৰজত পাটিদাৰ (১৪২), বিৰাট কোহলি (১২৯) আৰু দেৱদত্ত পাদিক্কালে (১২৫) ভাল ন’ক খেলাৰ বিপৰীতে টিম ডেভিড (৯৯), ৰোমাৰিয়া শ্বেফাৰ্ড আৰু ভেংকটেশ আয়াৰে ফিনিছাৰ হিচাপে খেলিব পাৰে। ভুৱনেশ্বৰ কুমাৰৰ সৈতে নতুন বল ভাগ কৰিব জোছ হেজলউডৰ উভতি অহাৰ ফলত বলিং শক্তিশালী হৈছে। এই খেলখন সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব।
