ৰাজ্যসভাৰ ৭৩ গৰাকী সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। বৃহস্পতিবাৰে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)য়ে ৰাজ্যসভাৰ ২২৯ গৰাকী সাংসদক লৈ এক প্ৰতিবেদন প্ৰকাশ কৰে, য’ত সদ্য নিৰ্বাচিত ৩৭ গৰাকী সাংসদেও আছে। ৰাজ্যসভাত ২৪৫ জন সদস্য আছে। ৰাজ্যসভাৰ ৭৩ গৰাকী সাংসদৰ ভিতৰত ৩৬ (১৬%) সাংসদৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধ গোচৰ । এজন সাংসদৰ বিৰুদ্ধে হত্যাৰ গোচৰ, চাৰিজন সাংসদৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ গোচৰ আৰু তিনিজনৰ বিৰুদ্ধে মহিলাৰ বিৰুদ্ধে অপৰাধ গোচৰ। বিজেপিৰ সৰ্বাধিক ২৭ জন, কংগ্ৰেছৰ ১২ জন, টিএমচিৰ ৪, আপৰ ৪ জন, চিপিআই(এম) ৩, ভাৰত ৰাষ্ট্ৰ সমিতি ৩, ডিএমকে ২, ৱাই এছ আৰ কংগ্ৰেছৰ ২, সমাজবাদী পাৰ্টীৰ ২, আৰজেডিৰ ২ আৰু অন্যান্য ১০জনৰ বিৰুদ্ধে আছে অপৰাধ গোচৰ।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে প্ৰায় ৩১ জন সাংসদে (১৪%) নিজকে কোটিপতি বুলি ঘোষণা কৰিছে। ডাঙৰ দলৰ কেইবাজনো সাংসদে এক বিলিয়নতকৈ অধিক সম্পত্তি ঘোষণা কৰিছে। এই তালিকাত বিজেপিৰ ৬ জন, কংগ্ৰেছৰ ৫ জন, ৱাই এছ আৰ চি পিৰ ৪ জন, আপৰ ২ জন, বি এছ পিৰ ২ জন, এন চি পিৰ ৩ জন, আৰু অন্য দলৰ ৯ জন সাংসদ আছে। ৰাজ্যসভাৰ এজন সাংসদৰ গড় সম্পত্তি প্ৰায় ১২০.৬৯ কোটি টকা। দল অনুসৰি গড় সম্পত্তিৰ ভিন্নতা আছে। ৯৯ গৰাকী বিজেপি সাংসদৰ গড় ২৮.২৯ কোটি, ২৮ গৰাকী কংগ্ৰেছ সাংসদৰ ১২৮.৬১ কোটি, ১৩ গৰাকী টিএমচি সাংসদৰ ১৭.৭০ কোটি, আৰু ১০ গৰাকী আপৰ সাংসদৰ ৫৭৪.০৯ কোটি টকা। ৮ গৰাকী ডি এম কে সাংসদৰ গড় ১১.৯০ কোটি টকা, ৭ গৰাকী ৱাই এছ আৰ চি পি সাংসদৰ ৫২২.৬৩ কোটি, ৪ গৰাকী সমাজবাদী পাৰ্টিৰ সাংসদৰ ৩৯৯.৭১ কোটি আৰু ৬ গৰাকী বিজেডি সাংসদৰ ১০৫.৬৩ কোটি টকা।
তেলেংগানাৰ পৰা ভাৰত ৰাষ্ট্ৰ সমিতিৰ সাংসদ বন্দী পাৰ্থ সাৰাধিৰ সৰ্বাধিক সম্পত্তি ৫,৩০০ কোটি টকা। তেওঁৰ পিছতে আপৰ ৰাজিন্দৰ গুপ্তাই ৫,০৫৩ কোটি , আৰু ৱাই এছ আৰ চি পিৰ অযোধ্যা ৰামি ৰেড্ডীয়ে ২,৫৭৭ কোটি গৰাকী বুলি প্ৰকাশ কৰিছে। আপৰ সন্ত বলবীৰ সিঙৰ সম্পত্তি সৰ্বনিম্ন, মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩ লাখ টকা। ইফালে মণিপুৰৰ মহাৰাজা সনাজাওবা লেইচেম্বাৰ হাতত প্ৰায় ৫ লাখ , আৰু টিএমচিৰ প্ৰকাশ চিক বৰাইকৰ হাতত প্ৰায় ৯ লাখ টকা আছে। দেশৰ ৩০ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১২ বা ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈছে। ইয়াৰে ১০ বা ৩৩ শতাংশৰ বিৰুদ্ধে হত্যাৰ চেষ্টা, অপহৰণ, উৎকোচৰ দৰে গুৰুতৰ গোচৰ আছে। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ ৰুজু হৈছে ৮৯টা।
