ডিফেণ্ডিং বিশ্ব চেম্পিয়ন ভাৰতে অহা ২৬ আৰু ২৮ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন টি-২০ মেচ খেলিব বুলি শনিবাৰে বিচিচিআইয়ে প্ৰকাশ কৰে। দুয়োখন মেচ বেলফাষ্টত অনুষ্ঠিত হ’ব, য’ত ভাৰতীয় দলটোৱে ২০০৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে খেলিব।
বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই এক বিবৃতিত কয় যে টিম ইণ্ডিয়াই ২০২৬ চনৰ জুন মাহত আয়াৰলেণ্ড ভ্ৰমণ কৰিব আৰু দুখন মেচৰ টি-২০ ছিৰিজ অনুষ্ঠিত কৰিব। তেওঁ লগতে কয়-যোৱা আঠ বছৰত ভাৰতীয় দলটোৱে তিনিবাৰকৈ (২০১৮, ২০২২, আৰু ২০২৩ চনত) আয়াৰলেণ্ড ভ্ৰমণ কৰিছে।
২০০৭ চনৰ পিছত ভাৰতীয় দলটোৱে বেলফাষ্টত প্ৰথমবাৰৰ বাবে খেলিব। দুদিন পূৰ্বে আয়াৰলেণ্ডৰ হাই পাৰফৰমেন্স ডাইৰেক্টৰ গ্ৰেহাম ৱেষ্টে এই কথা নিশ্চিত কৰিছিল। আফগানিস্তানৰ বিৰুদ্ধে এখন টেষ্ট আৰু তিনিখন এদিনীয়া শৃংখলাৰ অন্তত ভাৰতীয় দলটোৱে ১ জুলাইৰ পৰা ১৯ জুলাইলৈ ইংলেণ্ডত পাঁচখন টি-২০ আৰু তিনিখন এদিনীয়া মেচ খেলিব।
