পাকাবেতবাৰীৰ কাৱৈমাৰীত অগপৰ বিশাল নিৰ্ব্বাচনী সভা

206

নিৰ্ব্বাচনৰ সময়ত কংগ্ৰেছ দলে ধৰ্মীয় সংখ্যালঘূ লোকৰ ত্ৰাণকৰ্তাৰূপে অৱতীৰ্ণ হয় ৷ কিন্তু নিৰ্ব্বাচন গলেই সংখ্যালঘূ লোক  সকলক পিঠি দিয়ে ৷ স্বাধীনতাৰ পিচৰ পৰাই ইয়াত বসবাস কৰা বহু লোক আছে ৷ এই লোক সকলক কিয় মাটিৰ পট্টা দিয়া নহ’ল ৷ যাৰ বাবে ১ কৌটি ৩০ লাখ সংখ্যালঘূ লোকৰ আজিও বিশেষ পৰিৱৰ্তন হোৱা নাই ৷”- এই মন্তব্য অগপ দলৰ সভাপতি অতুল বৰাৰ৷ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী সমষ্টিৰ কাৱৈমাৰীত আজি অনুষ্ঠিত এক বিশাল নিৰ্ব্বাচনী সভাত মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ তলাই অগপৰ সভাপতি গৰাকীয়ে কয় যে, সংখ্যালঘূ ৰাইজ যথেষ্ট সচেতন ৷ কিন্তু নিৰ্ব্বাচনৰ সময়ত আমি সেই সচেতনতা প্ৰতিফলন আপোনালোকৰ মাজত দেখা নাপাও৷ ৰাইজ যদি এইফালে যায়,আপোনালোকে ওলোটা ফালে যায় ৷ যি দলৰ চৰকাৰ আহে,তাৰ আপোনালোকে পিচফালে যায় ৷ সংখ্যালঘূ ৰাইজ আজিও পিচপৰি ৰোৱাৰ এয়াই হৈছে অন্যতম কাৰণ৷ এইবাৰো যদি  সংখ্যালঘূ ৰাইজে কংগ্ৰেছ,চিপিআইএমক ভোট দি সেই ভুলটো কৰে তেতিয়া সংখ্যালঘূ ৰাইজ আৰু পঞ্চাছ বছৰ পিচুৱাই যাব ৷যদি আপোনালোকে আগুৱাই যাব বিচাৰে,অঞ্চলৰ উন্নয়ন বিচাৰে,নিজৰ সন্তানক মানুহ বনাব বিচাৰে,ভাল শিক্ষা দিব বিচাৰে,গৰাখহনীয়া সমস্যাৰ সমাধান বিচাৰে তেতেয়াহলে মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাওক ৷ তেওঁ কয় যে,কংগ্ৰেছে ধৰ্মীয় সংখ্যালঘূ সকলক প্ৰতাৰণা,প্ৰবঞ্চনা কৰিছে ৷ সেই কথা ধৰ্মীয় সংখ্যালঘূ লোক সকলে যদি বুজি পাবলৈ আৰু সময় লাগে,তেতিয়াহলে কিন্তু সংখ্যালঘূ লোক সকলৰ ভৱিষ্যত অন্ধকাৰ হব ৷

তেওঁ কয় যে,ইফালে নামনি অসমত ধৰ্মীয় সংখ্যালঘূ লোক আৰু উজনি অসমত চাহ জনগোষ্ঠী লোক ৷ এই দুয়োটা সম্প্ৰদায়ে কংগ্ৰেছ দীৰ্ঘদিন ধৰি শাসনত থকাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ এতিয়া চাহ জনগোষ্ঠীৰ লোকে কংগ্ৰেছৰ প্ৰতাৰনা বুজি পালে আৰু ২০১৬ চনত এন ডি এ চৰকাৰৰ যি বিকাশ যাত্ৰা তাৰ অংশীদাৰ হ’ল ৷ বিজেপি চৰকাৰৰ দিনত মজুৰি বৃদ্ধি হল,ৰাস্তাঘাটৰ উন্নয়ন হল,বিজুলি,চিকিৎসালয় সকলোবোৰ হল ৷ যিবিলাক কাম কেতিয়াও হব বুলি কল্পনা কৰা নাছিল,চাহ জনগোষ্ঠী লোকৰ সেই কাম আজি সম্পূৰ্ণ হৈছে ৷ সংখ্যালঘূ ৰাইজেও এই সকলোবোৰ কথা বুজাৰ সময় আহি পৰিল৷ তেওঁ কংগ্ৰেছৰ অপপ্ৰচাৰত ভোল নাযাবলৈ আহ্বান জনাই কয় যে,কংগ্ৰেছে ৰাইজৰ মাজত বিভাজনৰ ৰাজনীতি কৰে ৷ কংগ্ৰেছ অশান্তিৰ কাৰক ৷ কংগ্ৰেছ চৰকাৰৰ দিনতে দেশৰ বিভিন্ন স্থানত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷ মানুহ পলাই ফুৰিব লগা হৈছিল ৷ কোকৰাঝাৰ আদি স্থানত কিমান মানুহ মৃত্যুক আকোৱালি লব লগা হৈছিল। কিন্তু অগপ চৰকাৰ দিনত এনে কোনো সাম্প্ৰদায়িক সংঘৰ্ষৰ হোৱা নাছিলে ৷ মানুহ মৰা নাছিল ৷ এই কথাবিলাক সংখ্যালঘূ ৰাইজে ভালকৈ ভাবক ৷ সংখ্যালঘূ সমাজৰ বয়োজ্যোষ্ঠ লোক সকলে উঠি অহা প্ৰজন্মক সঠিক বাটত উলিয়াই লৈ যাওঁক ৷ তেওঁ কয় যে,ফণীভূষণ চৌধুৰী এজন ভাল মানুহ,বিশ্বাস কৰিব পৰা মানুহ বাবেই বঙাইগাওঁ সমষ্টিৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ৮ বাৰকৈ বিধান সভালৈ নিৰ্ব্বাচিত কৰি পঠাইছে৷ এনে এগৰাকী অভিজ্ঞ ৰাজনীতিকক বিপুল ভোটত জয়ী কৰাবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায় ৷

নিৰ্ব্বাচনী সভাখনত উপস্থিত থাকি অগপ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় যে,ৰাহুল গান্ধী অথবা কংগ্ৰেছ নেতৃত্বই কেতিয়াও তেওঁলোকৰ দলৰ প্ৰধানমন্ত্ৰী হব বুলি কব নোৱাৰে ৷ কংগ্ৰেছ,চিপিআইএম ই নিৰ্ব্বাচনী সভাত যিমানেই ভাষণৰ ফুলজাৰী নামাৰক কিয়,দেশত পুণৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বতে বিজেপি চৰকাৰ গঠন হব। নিজৰ কাৰণে,অঞ্চলৰ উন্নয়নৰ বাবে ফণীভূষণ চৌধুৰীক ভোট দিব লাগে ৷ তেওঁ কয় যে,পাকাবেতবাৰীত বহু চৰকাৰী ৰিজাৰ্ভ মাটি আছে ৷ কিন্তু পট্টা নাই ৷ ড:হিমন্ত বিশ্ব শৰ্মাই কৈছে,বসুন্ধৰা আচনিৰ জৰিয়তে সংখ্যালঘূ ৰাইজক চৰ চাপৰিত মাটিৰ পট্টা দিয়া হব ৷ এইবাৰ সংখ্যালঘূ ৰাইজৰ বাবে ডাঙৰ সুবিধা আহিছে ৷ এই সুবিধা লবলৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাবলৈও তেওঁ সকলোকে আহ্বান জনায়৷ সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয,প্ৰাক্তণ বিধায়ক গুণীন্দ্ৰ নাথ দাসকে ধৰি বহু সংখ্যক নেতা উপস্থিত থাকে ৷