কংগ্ৰেছ দল ঠগবাজি,দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ বাবেই আজি অচল দলত পৰিণত হৈছেঃভৱেশ কলিতা

206

ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে,সিমানেই শাসক বিৰোধীকে আদি কৰি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীক জিকাবলৈ ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ধুবুৰী লোক সভা সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।গোৱালপাৰা পূৱ সমষ্টিৰ বৰপথাৰত বুধবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে৷ ভৱেশ কলিতাই নিজৰ আক্ৰমণাত্মক ভাষনত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ দলে কেৱল ঠগবাজি,দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ বাবেই আজি অচল টকাত পৰিণত হৈছে৷কংগ্ৰেছ আজি টায়াৰ পাম্পছাৰ আৰু টিউব পাম্পছাৰ দলত পৰিণত হৈছে।গতিকে কংগ্ৰেছৰ পাম্পছাৰ হোৱা গাড়ীত এতিয়া আৰু কোনেও উঠিব নাযায়।

তদুপৰি কংগ্ৰেছে জাত পাতৰ ৰাজনীতি কৰি হিন্দু মুছলমানৰ মাজত বিভেদ সোমাই দিয়া বুলি কংগ্ৰেছক ধুৰন্ধৰ দল বুলিও কটাক্ষ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।ইয়াৰ বিপৰীতে বিজেপিয়ে এনে ঘৃণনীয় ৰাজনীতি নকৰে।ভৱেশ কলিতাৰ মতে,কংগ্ৰেছে ধৰ্ম আৰু সম্প্ৰদায়ক লৈ ৰাজনীতি কৰিলেও বিজেপিয়ে ৰাজনীতি কৰিছে সব কা সাথ সব কা বিকাশৰ বাবে। আনকি বিজেপিয়ে সংখ্যালঘু সংখ্যাগুৰু কোৱাৰ বিপৰীতে যুৱক-যুৱতী,আই-মাতৃসকল,কৃষক বন্ধুসকল আৰু গৰীৱ কল্যান এই চাৰি সম্প্ৰদায়ৰ কথা কৈ আহি সকলো সময়তে৷নিজৰ ভাষণত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক সমালোচনা কৰি কয়-কেৱল জৰা-ফুকা কৰিয়ে ১৫ বছৰ পাৰ কৰিলে বদৰুদ্দিন আজমলে।

কিন্তু এইবাৰ ধুবুৰীবাসীয়ে সম উন্নয়ণ বিচাৰি সদলবলে ওলাই আহিছে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে৷শাসকীয় মিত্ৰজোঁটৰ নিৰ্বাচনী সভা সমূহত সংখ্যালঘু লোকৰ ব্যাপক অংশ গ্ৰহণে বিজেপিক উৎসাহিত কৰাৰ কথা উল্লেখ কৰি ভৱেশ কলিতাই কয় এইবাৰ ধুবুৰীৰ লোকে পৰিৱৰ্তন বিচাৰিছে আৰু এয়া বাস্তৱত হবলৈ গৈ আছে।নিৰ্বাচনী সভাত অঞ্চলটোৰ ভালেসংখ্যক লোক কংগ্ৰেছ,এ আই ইউ ডি এফ ত্যাগ কৰি বিজেপিত যোগদান কৰে। ইপিনে সাংবাদিকৰে হোৱা কথা বতৰাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় এইবাৰ ৰাজ্যৰ ১৪ খন আসনতে জয়লাভ কৰিব বিজেপি মিত্ৰজোঁটে।